নিউজ ডেস্ক, ১৮ নৱেম্বৰ: মধ্য প্ৰদেশৰ শ্বাহডোল জিলাত এইবাৰ ভোটধিকাৰ সাব্যস্ত কৰাৰ সময়ত জনসাধাৰণৰ মাজত আচৰিত ধৰণৰ উৎসাহ দেখা গ’ল ৷ বিশেষকৈ ভোটদানৰ বাবে মানুহক যিদৰে উন্মাদ হোৱা দেখা গ’ল সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আছিল ৷ শ্বাহডোলাৰ এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ পূৰ্বে ভোট দিবলৈ সংকল্পবদ্ধ হৈছিল ৷ তেওঁ নিজৰ সংকল্প অনুসৰি প্ৰথমে ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু তাৰ পিচত প্ৰসৱ কৰাইছিল ৷
উক্ত মহিলাগৰাকী শ্বাহডোল জিলাৰ মুখ্য কাৰ্যালয়ৰ ২০ নম্বৰ ৱাৰ্ডত বাসিন্দা আদৰ্শ বৰ্মাৰ পত্নী সুৰভি বৰ্মা ৷ সুৰভি বৰ্মাৰ প্ৰসৱৰ সময় হৈছিল যদিও তেওঁ প্ৰথমে ভোট দিব আৰু তাৰ পিচতহে সন্তান প্ৰসৱ কৰিব বুলি নাচোৰবান্দা হয় ৷ পত্নীক কথাত সৈমান কৰাব নোৱাৰি স্বামী আদৰ্শে তেওঁক প্ৰথমে শ্বাহডোলৰ ভোটদান কেন্দ্ৰলৈ লৈ যায় আৰু তাৰপাচত জিলা মুখ্যালয়ৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসালয়ত সুৰভিয়ে অস্ত্ৰোপচাৰৰ পাচত এটি কন্যা সন্তান জন্ম দিয়ে ৷
সুৰভিয়ে এইবাৰ প্ৰথমবাৰলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সুৰভিয়ে প্ৰথমবাৰৰ বাবে শ্বাহডোলত ভোটাধিকাৰ সাব্যস্ত কৰি সন্তোষ প্ৰকাশ কৰে আৰু সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । ইফালে জেতপুৰ বিধানসভা সমষ্টিত আন এক হৃদয়স্পৰ্শী দৃশ্য দেখা গৈছিল ৷ বৰা বাইগা নামৰ এজন লোকে তেওঁৰ অন্ধ পত্নীক লাখুটিৰ সহায়ত ভোট দিবলৈ লৈ যায় ৷ বৰা বাইগা আৰু তেওঁৰ পত্নী বুডী বাইগাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাইজক এটা ভাল বাৰ্তা দিয়ে ।
ইফালে জিলাখনৰ এজন যুৱ প্ৰাৰ্থীয়ে একমাত্ৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ডুবাইৰ পৰা আহিছিল ৷ তেওঁ কলকাতাত কাম কৰি থকা সময়তে প্ৰথমবাৰৰ বাবে ভোটদান কৰিছিল । গ্ৰাম্য অঞ্চলত কাম কৰা লোকসকলেও ভোট দিবলৈ আহিছিল আনহাতে বাহিৰত কাম কৰা বহু লোকে ভোট দিবলৈ শ্বাহডোলত উপস্থিত হৈছিল ।
লগতে পঢ়ক: মধ্য প্ৰদেশত ৭৬.০১ শতাংশ ভোটদান; ইভিএমত বন্দী 2533 জন প্ৰাৰ্থীৰ ভাগ্য