নেশ্যনেল ডেস্ক,৬ মাৰ্চ: ছত্তিশগড়ত শ্বহীদ হোৱা জোৱান লক্ষ্মীকান্ত দ্বিবেদীৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে । বৃহস্পতিবাৰে ছত্তিশগড়ত নক্সালবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল লক্ষ্মীকান্ত দ্বিবেদীয়ে । ছত্তিশগড়ৰ জিলা ৰিজাৰ্ভ গাৰ্ড(ডিআৰজি)ৰ ২২বেটেলিয়নৰ জোৱান হিচাপে কৰ্তব্যৰত হৈ আছিল দ্বিবেদী ।
শনিবাৰে মধ্য প্ৰদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দ্বিবেদীৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি আৰু পৰিয়ালক এটা বাসগৃহ প্ৰদানৰো আশ্বাস দিছে । শুক্ৰবাৰে লক্ষ্মীকান্ত দ্বিবেদীৰ নশ্বৰদেহ ৰেৱা জিলাৰ বৰ্ছা ককাহৰা গাঁৱত থকা তেওঁৰ বাসগৃহলৈ নিয়া হয় ৷ ওপজা গাঁৱখনতে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদগৰাকীৰ । মন্ত্ৰী ৰাম খিলাৱান পেটেলেও বৰ্ছা ককাহৰা গাঁৱত উপস্থিত হৈ জোৱানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক: উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা: নিহত ৩