ETV Bharat / bharat

Madhya Pradesh Assembly Poll 2023 : মন্দিৰ বনাম বিশ্ববিদ্যালয়; মধ্যপ্ৰদেশত বিজেপি-কংগ্ৰেছৰ দলিতক লৈ ৰাজনীতি

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 3:22 PM IST

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'ব মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন । এইবাৰৰ নিৰ্বাচনত বিজেপি-কংগ্ৰেছ উভয়ে মধ্যপ্ৰদেশৰ দলিত আৰু জনজাতীয় লোকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । কংগ্ৰেছে ঘোষণা কৰিছে সাগৰত সন্ত ৰবিদাসৰ নামত নিৰ্মাণ কৰা হ'ব ৰাজ্যিক বিশ্ববিদ্যালয় । যাৰ বাবে কংগ্ৰেছে বিজেপিৰ সমস্যা বৃদ্ধি কৰা বুলি ৰাজনৈতিক বিশ্লেষকৰ মত ।

Madhya Pradesh Assembly Poll 2023
Madhya Pradesh Assembly Poll 2023

নিউজ ডেস্ক, ২৫ আগষ্ট : ২০২৩ চনৰ মধ্যপ্ৰদেশ বিধানসভা আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিজেপি দুয়োটা প্ৰধান দলে দলিত ভোট বেংকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । দলিতসকলক আকৰ্ষিত কৰিবলৈ দুয়োটা দলেই বুন্দেলখণ্ডক এক গৱেষণাগাৰ হিচাপে গঢ়ি তুলিছে আৰু তাত দুয়োটা দলে সন্ত ৰবিদাসৰ নামত দলিতসকলক আকৰ্ষিত কৰিবলৈ প্ৰতিযোগিতা কৰিছে । মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰবিদাস জয়ন্তীত সাগৰত ১০০ কোটি টকাৰ সন্ত ৰবিদাস মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ আগষ্টত মন্দিৰটোৰ ভূমিপূজা কৰে । আনহাতে, ২২ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ জৰিয়তে সাগৰত সন্ত ৰবিদাসৰ নামত এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে ।

ইয়াৰ দ্বাৰা এইটো অনুমান কৰা হৈছে যে এই ক্ষেত্ৰত কংগ্ৰেছে এপাত কাঁড়েৰে দুই চিকাৰ কৰাৰ লক্ষ্য বান্ধিছে । কিয়নো সাগৰ বিভাগীয় মুখ্য কাৰ্যালয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰাৰ পিছত এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনীয়া দাবী আছিল । যিটো শিৱৰাজ সিঙে বহুবাৰ ঘোষণা কৰিছে যদিও এই দাবী পূৰণ কৰা হোৱা নাছিল । এনেদৰে কংগ্ৰেছে দলিতসকলৰ লগতে বহু বছৰ ধৰি বিশ্ববিদ্যালয় দাবী কৰি অহা যুৱক-যুৱতীসকলক আকৰ্ষিত কৰাৰ টোপ দিছে ।

বিজেপিৰ ১০০ কোটিৰ প্ৰলোভনত কংগ্ৰেছৰ মোক্ষম আঘাত

বিজেপি আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ১০০ কোটি টকাৰ ৰবিদাস মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰি আৰু প্ৰধানমন্ত্ৰীক ভূমি পূজন কৰিবলৈ দি ধৰি লৈছিল যে কংগ্ৰেছৰ হাতত ইয়াক পৰ্তিহত কৰিবলৈ কোনো অস্ত্ৰ নাথাকিব । কিন্তু কংগ্ৰেছে চতুৰতাৰে স্থানীয় বিষয়সমূহ বুজি লৈ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দ্বাৰা এনে ঘোষণা কৰায় । যাৰ ফলত এতিয়া বিজেপিৰ ১০০ কোটিৰ প্ৰলোভন দুৰ্বল হোৱা দেখা গৈছে ।

২২ আগষ্টত মল্লিকাৰ্জুন খাৰ্গেয়ে সাগৰত ঘোষণা কৰিছিল যে সন্ত ৰবিদাসৰ নামত দেশ-বিদেশৰ বিভিন্ন স্থানত বহুতো মন্দিৰ আছে । সেয়েহে কংগ্ৰেছে সাগৰত তেওঁৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব, যিয়ে জ্ঞানৰ পোহৰ বিয়পাই দিব । এতিয়া এই ঘোষণাৰ পিছত মন্দিৰ ভাল নে বিশ্ববিদ্যালয় ভাল তাক লৈ বিতৰ্ক চলিছে । এই ক্ষেত্ৰত বেছিভাগ লোকেই কংগ্ৰেছৰ ঘোষণাক ভাল আৰু উন্নত বুলি বিবেচনা কৰি আছে ।

এপাত কাঁডেৰে দুই চিকাৰ

কংগ্ৰেছে এই বিশ্ববিদ্যালয়খনৰ কথা ঘোষণা কৰি এপাত কাঁড়েৰে দুটা লক্ষ্যত আঘাত কৰিছে । প্ৰথমতে, সন্ত ৰবিদাসৰ নামত এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ'ব, যিয়ে শিক্ষা আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব । দ্বিতীয়তে, সাগৰৰ হৰিসিং গৌৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ পিছত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰা হ'ব । কিয়নো এই বিষয়টোত বিজেপি আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিঙক অভিযোগ কৰা হৈছে । যেতিয়া সাগৰৰ আটাইতকৈ পুৰণি ৰাজ্যিক বিশ্ববিদ্যালয়খনক ২০০৯ চনত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছিল, ইউপিএ চৰকাৰে মধ্যপ্ৰদেশ চৰকাৰক ক্ষতিপূৰণ হিচাপে ৪০০ কোটি টকা প্ৰদান কৰিছিল আৰু মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল যে আন এখন ৰাজ্যিক বিশ্ববিদ্যালয় খোলা হ'ব । কিন্তু পৰৱৰ্তী সময়ত সাগৰত এই বিশ্ববিদ্যালয় স্থাপন নকৰি ছত্ৰপুৰত মুকলি কৰে ।

আনহাতে, সাগৰ বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় হোৱাৰ পিছত স্থানীয় শিক্ষাৰ্থীসকলে নামভৰ্তিৰ বাবে প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগা হয় আৰু মহাবিদ্যালয়ত পঢ়িবলৈ বাধ্য হয় । সাগৰ জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দাবী বহু দিন ধৰি চলি আছিল আৰু শিৱৰাজ সিঙে তেওঁ স্বভাৱ অনুসৰি এই কথা বহুবাৰ ঘোষণা কৰিছিল যদিও ইয়াৰ কাৰ্যকৰীকৰণ হোৱা নাছিল । এনে পৰিস্থিতিত কংগ্ৰেছে সন্ত ৰবিদাসৰ নামত বিশ্ববিদ্যালয় ঘোষণা কৰি দলিতসকলৰ সৈতে যুৱ আৰু নিবনুৱাসকলক আকৰ্ষিত কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই ।

বিশ্ববিদ্যালয়ৰ দ্বাৰা দলিতসকল কিয় সুখী

দৰাচলতে সাগৰৰ কাৰাপুৰত সন্ত ৰবিদাসৰ সৈতে সম্পৰ্কিত এক ঐতিহাসিক স্থান আছে, য'লৈ সন্ত ৰবিদাস এসময়ত আহিছিল । কিন্তু বিজেপিয়ে মন্দিৰৰ বাবে ঠাইখন আৰু কাৰাপুৰৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত বদতুমাত স্মাৰকটো বাছনি কৰে । আৰম্ভণিৰে পৰা সন্ত ৰবিদাসৰ অনুগামীসকলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে সন্ত ৰবিদাসৰ স্থান হৈছে কাৰাপুৰ । যদি আপোনালোকে এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰে, তেন্তে তাত নিৰ্মাণ কৰিব লাগিব । কাৰাপুৰৰ সন্ত ৰবিদাস আশ্ৰমৰ মুৰব্বী সন্ত পঞ্চমদাসে কৈছিল যে মন্দিৰটো বদতুমাতে নিৰ্মাণ কৰিব লাগিব । যদিহে চৰকাৰে সঁচাকৈয়ে দলিতসকলক উন্নত কৰিব বিচাৰে, তেন্তে সন্ত ৰবিদাসৰ নামত এখন ডাঙৰ বিশ্ববিদ্যালয় বা চিকিৎসালয় মুকলি কৰিব পাৰে । অৱশ্যে প্ৰশাসনে তীব্ৰ হেঁচা প্ৰয়োগ কৰি এই প্ৰতিবাদী কণ্ঠ দমন কৰিছিল । এতিয়া কংগ্ৰেছে সন্ত ৰবিদাসৰ নামত এখন বিশ্ববিদ্যালয় ঘোষণা কৰিছে, যিটো দলিত সম্প্ৰদায়েও বিশ্বাস কৰে যে মন্দিৰতকৈ ভাল হ'ব বিশ্ববিদ্যালয় । যিয়ে বহু লোকক নিযুক্তি প্ৰদান কৰিব আৰু যুৱসকলক শিক্ষিত কৰিব ।

কংগ্ৰেছৰ ঘোষণা সন্দৰ্ভত সাগৰৰ বিধায়কে কি ক'ব বিচাৰে

কংগ্ৰেছৰ এই ঘোষণাই দলিতসকলৰ লগতে সাগৰৰ যুৱক-যুৱতীসকলক প্ৰভাৱিত কৰিছে । মন্দিৰ ভাল নে বিশ্ববিদ্যালয় ভাল তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । বেছিভাগ মানুহেই বিশ্ববিদ্যালয়ৰ পক্ষত আছে আৰু শিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰত যুৱসকলেও ভালদৰে বিবেচনা কৰি আছে । অৱশ্যে বিজেপিৰ সাগৰৰ বিধায়ক শৈলেন্দ্ৰ জৈনে কয়, "কংগ্ৰেছে বহুতো ঘোষণা কৰিছে । মই নাজানো সেই ঘোষণাবোৰ কিমান কাৰ্যকৰী কৰা হৈছে । কিন্তু মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰীত এই ঘোষণা কৰিছিল আৰু মন্দিৰৰ ভূমি পূজন আগষ্টত কৰা হৈছে ।"

দলিত সমাজে কি কয়

দলিত সমাজ সম্পৰ্কীয় বিষয় উত্থাপন কৰা সাংবাদিক দেৱেন্দ্ৰ কাশ্যপে কয় যে বিজেপিৰ ৰাজনীতি হৈছে ধৰ্ম আৰু মন্দিৰৰ ভিত্তিত হিন্দুসকলক একত্ৰিত কৰাৰ ৰাজনীতি । দলিত শ্ৰেণীত সন্ত ৰবিদাসৰ মন্দিৰ ঘোষণা কৰি ইয়াক ব্যৱহাৰ কৰি আছে । কিন্তু দলিত শ্ৰেণী ক্ৰমান্বয়ে শিক্ষিত আৰু সচেতন হৈ উঠিছে আৰু ই শিক্ষা আৰু নিযুক্তি লাভ কৰিব বিচাৰে । এনে পৰিস্থিতিত যেতিয়া বিজেপিয়ে সন্ত ৰবিদাস মন্দিৰৰ ঘোষণাৰ বিপৰীতে কংগ্ৰেছে সন্ত ৰবিদাস বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰিছে, ই অধিক কাৰ্যকৰী আৰু দলিত সমাজো কংগ্ৰেছৰ ঘোষণাত প্ৰভাৱিত হৈছে ।

লগতে পঢ়ক :NCP latest news : শাৰদ পাৱাৰৰ ৰাজনীতিক বিভ্ৰান্তিকৰ আখ্যা প্ৰাক্তন বিৰোধী দলপতি প্ৰবীণ দাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.