ETV Bharat / bharat

Arunachal Helicopter Tragedy : বিশেষ হেলিকপ্টাৰযোগে প্ৰেৰণ তিনি জোৱানৰ নশ্বৰদেহ - Major Mustafa Bohara

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Army helicopter crash in Arunachal Pradesh) ৷ ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল নিয়োজিত কৰিছে স্থানীয় প্ৰশাসনে ৷ ৫ সেনা জোৱানৰ মৃত্যু এই দুৰ্ঘটনাত । দুৰ্ঘটনাত নিহত ৰাজস্থানৰ তিনি জোৱানৰ মৃতদেহ তেওঁলোকৰ নিজ নিজ বাসগৃহলৈ প্ৰেৰণ ।

Arunachal Helicopter Tragedy
বিশেষ হেলিকপ্টাৰযোগে প্ৰেৰণ তিনি জোৱানৰ নশ্বৰদেহ
author img

By

Published : Oct 23, 2022, 2:09 PM IST

নেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল (Arunachal Pradesh Helicopter crash) ৷ পুৱা ১০.৪৫ বজাত লিকাবালিৰ পৰা উৰা মৰাৰ পাছতেই উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ ছিনগিং গাঁৱৰ সমীপত ওখ পাহাৰত সীমান্তৰ দিশে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

এই দুৰ্ঘটনাত নিহত হৈছিল পাঁচগৰাকী সেনা জোৱান । নিহত ৫ জোৱানৰ তিনিগৰাকীয়ে ৰাজস্থানৰ (Jawan death in Arunachal Pradesh Helicopter crash)। যাৰবাবে ৰাজস্থানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ৰাজস্থানৰ তিনি সেনা জোৱান হৈছে মেজৰ বিকাশ ভাম্ভু (Major Vikash Bhambhu), মেজৰ মোস্তাফা বোহাৰা (Major Mustafa Bohara) আৰু নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰ (Nayak (Operation) Rohitashva Kum) ।

ৰাজস্থানৰ হনুমানগড় জিলাত ঘৰ মেজৰ বিকাশ ভাম্ভুৰ, উদয়পুৰৰ খৰোদাৰ বাসিন্দা মেজৰ মোস্তাফা বোহাৰা আৰু ঝুনঝুনুৰ বাসিন্দা নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰ (3 jawan from Rajasthan death in helicopter crash) ৷

ইতিমধ্যে জোৱানসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে তিনিওগৰাকী জোৱানৰ নশ্বৰদেহ দেওবাৰে তেওঁলোকৰ বাসগৃহলৈ প্ৰেৰণ কৰা হ'ব । ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে তিনিওগৰাকী জোৱানৰ নশ্বৰদেহ নিজ নিজ জন্মস্থানলৈ লৈ যোৱা হ'ব ।

ইতিমধ্যে পুৱা ৮ বজাতে বায়ুসেনাৰ AN 32 হেলিকপ্টাৰ ৰাওনা হৈছে গন্তব্য স্থানলৈ । প্ৰথমে চুৰাটগড়লৈ মেজৰ বিকাশ ভাম্ভুৰ নশ্বৰদেহ লৈ যোৱা হ'ব । সূত্ৰৰ মতে প্ৰায় ৪.৪৫ বজাত চুৰাটগড়ত অৱতৰণ কৰিব হেলিকপ্টাৰ । তাৰ পাছত প্ৰয়াগৰাজৰ পৰা মেজৰ মোস্তাফা বোহাৰা আৰু নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰ নশ্বৰদেহ লৈ ৰাওনা হ'ব আন এখন হেলিকপ্টাৰ ।

সূত্ৰৰ পৰা জানিব পৰা মতে ঝুনঝুনুৰ বাসিন্দা নায়ক (অপাৰেশ্যন) ৰোহিতশ্ব কুমাৰৰ নশ্বৰদেহ লৈ তেওঁৰ জন্মস্থান জয়পুৰত প্ৰায় ৫ বজাত হেলিকপ্টাৰ অৱতৰণ কৰিব । সমান্তৰালকৈ প্ৰায় ৭.৩০ বজাত মেজৰ মোস্তাফা বোহাৰাৰ নশ্বৰদেহ লৈ হেলিকপ্টাৰ উদয়পুৰত অৱতৰণ কৰিব । ইফালে জয়পুৰ বিমানবন্দৰত শেষ শ্ৰদ্ধাঞ্জলিৰ এক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :Arunachal Pradesh Helicopter crash: ৰাজস্থানত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.