ETV Bharat / bharat

Sikkim disaster : লাচেন আৰু লাচুং উপত্যকাত আৱদ্ধ ৩ হাজাৰৰ অধিক পৰ্যটক - Flood in Lachen

ডাৱৰ বিস্ফোৰণৰ পাছতে ছিকিমত ভয়ংকৰ পৰিস্থিতি । বানৰ ফলত অঞ্চলটোত এতিয়াও বহু লোক আৱদ্ধ হৈ আছে । প্ৰতিকূল বতৰৰ বাবে লাচেন আৰু লাচুং উপত্যকাত উদ্ধাৰ অভিযানত সমস্যা ।

Sikkim disaster
লাচেন আৰু লাচুং উপত্যকাত আৱদ্ধ ৩ হাজাৰৰ অধিক পৰ্যটক
author img

By PTI

Published : Oct 7, 2023, 4:32 PM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : প্ৰকৃতিৰ ৰোষত পৰা ছিকিমত দেশ-বিদেশৰ বহু পৰ্যটক এতিয়াও আৱদ্ধ হৈ আছে । প্ৰশাসনে জনোৱা মতে ছিকিমৰ মংগন জিলাৰ লাচেন আৰু লাচুঙত প্ৰলয়ংকাৰী বানৰ ফলত এতিয়াও ৩ হাজাৰতকৈ অধিক পৰ্যটক আৱদ্ধ হৈ আছে । জিলাখনৰ প্ৰায়বোৰ পথত যোগাযোগ বিচ্ছিন্ন হৈ আছে । ভাৰতীয় বায়ু সেনাই এমআই-১৭ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা চলাইছে যদিও প্ৰতিকূল বতৰৰ বাবে লাচেন আৰু লাচুং উপত্যকাত এই অভিযান সম্ভৱ হোৱা নাই ।

লাচেন আৰু লাচুঙৰ পথবোৰ ক্ষতিগ্ৰস্ত হৈছে । উদ্ধাৰকাৰী দলবোৰক আগবাঢ়ি যোৱাৰ বাবে ডিজংগু হৈ চুংথাঙলৈ এটা বিকল্প পথ মুকলি কৰাৰ প্ৰক্ৰিয়া চলি আছে । অঞ্চলটোত আইটিবিপিৰ এটা দলে এই মুহূৰ্তত চুংথাঙত সাহায্য আৰু উদ্ধাৰ চলাই আছে বুলি বিষয়াসকলে জনাইছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মংগন জিলা সন্দৰ্ভত বতৰৰ আগজাননীত কয় যে অহা ৫ দিনত জিলাখনৰ বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আইএমডিয়ে পৰৱৰ্তী ৫ দিনৰ বাবে লাচেন আৰু লাচুঙত আকাশ মেঘাচ্ছন্ন হৈ থকাৰো আগজাননী দিছে ।

ৰাজ্যিক সংস্থাসমূহৰ সৈতে এনডিআৰএফৰ দলসমূহে চিংটাম, বৰদাং আৰু ৰংপোৰ দৰে অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অৱশ্যে, উদ্ধাৰকাৰী দলে উত্তৰ ছিকিম, চুংথাং, লাচেন আৰু লাচুঙৰ একাংশ অঞ্চলত অভিযান চলোৱাত বিফল হৈছে । অৱশ্যে, জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে ৰাজ্যিক সংস্থাসমূহৰ একাংশ দলে মংগনৰ পৰা চুংথাঙলৈ ট্ৰেকিং কৰিছে আৰু উদ্ধাৰ অভিযানৰ প্ৰচেষ্টা চলাইছে । মংগনৰ পৰা ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ উদ্ধাৰকাৰী দলে শনিবাৰে চুংথাঙলৈ ৰাওনা হৈছে ।

বুধবাৰে পুৱতি নিশা উত্তৰ ছিকিমৰ ল'নক হ্ৰদৰ ওপৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীত আকস্মিক বানৰ সৃষ্টি হয় য'ত ৮ গৰাকী সেনা জোৱানসহ ২৭ গৰাকী লোক নিহত হয় আৰু ১৪১ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । বানৰ ফলত ১,২০০ তকৈও অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয় ।

লগতে পঢ়ক :Sikkim CM on hydel dam destroyed : আকস্মিক বানত ধ্বংস হাইডেল বান্ধ; পূৰ্বৰ চৰকাৰক দোষাৰোপ ছিকিমৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.