ETV Bharat / bharat

চিমলাত বিগত দুটা দিনত 15 হাজাৰ পৰ্যটকৰ আগমণ - ব্যাপক উচাহ

কৰ‘ণাৰ বাবে বিগত 9 মাহ ধৰি যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছিল চিমলাৰ পৰ্যটক ক্ষেত্ৰখনৰে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত থকা ব্যৱসায়ী সকল ৷ কৰ‘ণা মহামাৰীৰ ফলত দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা পৰ্যটনক্ষেত্ৰখন পুনৰ কিছু পৰিমাণে সূচল হৈ পৰাত এতিয়া চিমলাৰ ব্যৱসায়ী সকলৰ মাজতো ব্যাপক উচাহ দেখিবলৈ পোৱা যায় ৷

More than 15 thousand tourists reached Shimla in 2 days
চিমলাত বিগত দুটা দিনত 15 হাজাৰ পৰ্যটকৰ আগমণ
author img

By

Published : Dec 27, 2020, 9:24 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ : হিমাচল প্ৰদেশৰ অন্যতম পৰ্যটনস্থলী চিমলাত বছৰটোৰ শেষৰ ফালে পৰ্যটকৰ আগমণ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ বিগত দুটা দিনত চিমলাত প্ৰায় 15 হাজাৰ পৰ্যটকৰ আগমণ ঘটে ৷ যোৱা দুদিনতে চিমলাৰ প্ৰায়বোৰ হোটেল সম্পূৰ্ণ ৰূপে ভৰ্তি হৈ পৰা পৰিলক্ষিত হয় ৷ দেওবাৰেও চিমলাৰ মাল ৰোড আৰু ৰিজ ময়দান পৰ্যটকেৰে ভৰি পৰা পৰিলক্ষিত হয় ৷

More than 15 thousand tourists reached Shimla in 2 days
চিমলাত বিগত দুটা দিনত 15 হাজাৰ পৰ্যটকৰ আগমণ

ইফালে কৰ‘ণা মহামাৰীৰ ফলত দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা পৰ্যটনক্ষেত্ৰখন পুনৰ কিছু পৰিমাণে সূচল হৈ পৰাত এতিয়া চিমলাৰ ব্যৱসায়ী সকলৰ মাজতো ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ৷ কৰ‘ণাৰ বাবে বিগত 9 মাহ ধৰি যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছিল চিমলাৰ পৰ্যটক ক্ষেত্ৰখনৰে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত থকা ব্যৱসায়ী সকল ৷ আনহাতে স্থানীয় ব্যৱসায়ী সকলৰ দাবীৰ পাছতে চৰকাৰেও নতুন বছৰলৈকে নিশা দহ বজাৰ পাছত নিশাৰ কাৰ্ফিও উঠাই দিয়াৰ লগতে আৰু দেওবাৰেও বজাৰ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

উল্লেখ্য যে, শনিবাৰে চিমলালৈ অহা বহু সংখ্যক পৰ্যটকে নিশা কটাবলৈ ৰাজধানীখনৰ হোটেলত ঠাই নাপাই নিজৰ নিজৰ বাহনতে নিশা কটাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় ৷ তদুপৰি বহিঃৰাজ্যৰ পৰা বৃহৎ সংখ্যক লোক চিমলালৈ অহাৰ বাবে চহৰখনত যথেষ্ট যান-জঁটৰ সমস্যাৰো সৃষ্টি হয় ৷

লগতে পঢ়ক: পাকিস্তানৰ ড্ৰোণ ৰোধ কৰিবলৈ প্ৰস্তুত ৰেডিঅ' কম্পনাংকৰ সফল পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.