ETV Bharat / bharat

Soil profiling of Moon: প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি - Lunar surface temperature

চন্দ্ৰপৃষ্ঠৰ মাটি কেনেকুৱা ? ইয়াৰ উষ্ণতা, গঠন আদি কেনে ? এই সকলোবোৰ তথ্য জানিবলৈ চন্দ্ৰযান-৩য়ে কাম আৰম্ভ কৰিছে । চন্দ্ৰপৃষ্ঠৰ মাটিৰ পৃথক উষ্ণতাৰ গ্ৰাফ মুকলি কৰিছে ইছৰোৱে ।

Soil profiling of Moon
প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:30 PM IST

নেশ্যনেল ডেস্ক,২৭ আগষ্ট: চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত বিভিন্ন মহলত কৌতূহল অব্যাহত আছে । ইয়াৰ মাজতে বিশ্বৰ মহাকাশ বিজ্ঞানত আন এক ইতিহাস ৰচনা কৰিলে ভাৰতে । ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩য়ে প্ৰথমবাৰলৈ চন্দ্ৰপৃষ্ঠৰ মাটি পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে । চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ প্ৰফাইলিং পৰিচালনা কৰি বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে চন্দ্ৰযান-৩য়ে । মাটিৰ উষ্ণতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চন্দ্ৰপৃষ্ঠৰ ১০ চেঃমিঃ তললৈকে ই কাম কৰিছে ।

  • Chandrayaan-3 Mission:
    Here are the first observations from the ChaSTE payload onboard Vikram Lander.

    ChaSTE (Chandra's Surface Thermophysical Experiment) measures the temperature profile of the lunar topsoil around the pole, to understand the thermal behaviour of the moon's… pic.twitter.com/VZ1cjWHTnd

    — ISRO (@isro) August 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২৩ আগষ্টত ইছৰোৰ চন্দ্ৰযান-৩য়ে সফল অৱতৰণ কৰিছিল । ইয়াৰ মাত্ৰ ৪ দিনৰ পাছত ইছৰোৰ গৱেষণাই চন্দ্ৰযান-৩ ৰ পৰা লাভ কৰা প্ৰাৰম্ভিক ফলাফল প্ৰকাশ কৰিছে । ইফালে এতিয়ালৈ কোনো ৰাষ্ট্ৰই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পৰা নাছিল আৰু কোনোৱে এতিয়ালৈ চন্দ্ৰৰ মাটিৰ তাপমাত্ৰা জানিবলৈ কোনো পৰীক্ষা কৰা নাছিল ।

Soil profiling of Moon
প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি

ইছৰোৱে চন্দ্ৰৰ মাটিৰ উষ্ণতাৰ তাৰতম্য বিভিন্ন গভীৰতাত প্ৰদৰ্শন কৰা এক উষ্ণতা গ্ৰাফ প্ৰকাশ কৰিছে । 'ChaSTE' পৰীক্ষাটোৱে (চন্দ্ৰৰ পৃষ্ঠ তাপভৌতিক পৰীক্ষা) মেৰুৰ ওচৰত চন্দ্ৰৰ ওপৰৰ মাটিৰ উষ্ণতাৰ আলেখ্য ধৰি ৰাখে, যি চন্দ্ৰপৃষ্ঠৰ তাপীয় বৈশিষ্ট্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে । এক নিয়ন্ত্ৰিত প্ৰৱেশ প্ৰণালীৰে সজ্জিত উষ্ণতা অনুসন্ধান পৃষ্ঠৰ তলত ১০ চেঃমিঃ পৰ্যন্ত গভীৰতাত উপনীত হ'ব পাৰে আৰু ইয়াত ১০ টা উষ্ণতা চেন্সৰ থাকে ।

উপস্থাপন কৰা গ্ৰাফে বিভিন্ন গভীৰতাত চন্দ্ৰপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য বৰ্ণনা কৰে । চন্দ্ৰৰ দক্ষিণ মেৰুত এনেধৰণৰ প্ৰথম পৰীক্ষা । অৱশ্যে বিতং পৰ্যৱেক্ষণ চলি আছে বুলি এক্সৰ এটা পোষ্টত ইছৰোৱে উল্লেখ কৰিছে ।

ইছৰোৱে উল্লেখ কৰা মতে যিটো পেলোডে এই পৰীক্ষা কৰিছে সেয়া আহমেদাবাদৰ পিআৰএলৰ সহযোগত মহাকাশ পদাৰ্থ বিজ্ঞান গৱেষণাগাৰ (এছপিএল), ভিএছএছচিৰ নেতৃত্বত এটা দলে নিৰ্মাণ কৰিছে । ইছৰো গ্ৰাফত দেখুওৱা তাপমাত্ৰাৰ পৰিসৰ -১০ ডিগ্ৰী চেলচিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াছলৈকে বিস্তৃত ।

উল্লেখ্য যে চন্দ্ৰযান-৩ত ৭ টা পেলোড আছে । বিক্ৰম লেণ্ডাৰত ৪ টা, প্ৰজ্ঞান ৰভাৰত ২ টা আৰু এটা প্ৰপালচন মডিউল পেলোড । এই পেলোডবোৰ কৌশলগতভাৱে বিভিন্ন বৈজ্ঞানিক পৰীক্ষাৰ বাবে ডিজাইন কৰা হৈছে । চন্দ্ৰৰ মাটি বিশ্লেষণৰ বাবে সমৰ্পিত ChaSTEৰ লগতে বিক্ৰমে ৰামভা (আয়ন আৰু ইলেক্ট্ৰন অধ্যয়ন কৰিবলৈ), আইএলএছএ (ভূমিকম্পৰ কাৰ্যকলাপ অধ্যয়ন কৰিবলৈ), আৰু এলআৰএ (চন্দ্ৰৰ প্ৰণালীৰ গতিশীলতা উন্মোচন কৰিবলৈ) আছে ।

লগতে পঢ়ক :BJP slams TMC: বংগ চৰকাৰ পাকিস্তানপ্ৰেমী; ISI ৰ সন্দেহযুক্ত এজেণ্ট গ্ৰেপ্তাৰৰ পিচতে তৃণমূলক আক্ৰমণ বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.