নেশ্যনেল ডেস্ক, 20 জুলাই : সোমবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যক্ৰমনিকা আৰম্ভ হোৱাৰ আগতে বিজেপিৰ সংসদীয় দল মিলিত হয় এক বৈঠকত ৷ এই বৈঠকত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দলটোৰ সকলো সাংসদ উপস্থিত থাকে ।
মঙলবাৰে অনুষ্ঠিত হোৱা এই বৈঠক সম্পূৰ্ণ ক’ভিড-19 ৰ প্ৰট’কল মানি আলোচনাত মিলিত হয় ৷ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ সোমবাৰে দিনটোৰ বাবে স্থগিত ৰখা হৈছিল ৰাজ্যসভা ৷ লোকসভাত সোমবাৰে দিনটোৰ বাবে স্থগিত ৰখাৰ আগতে দুটা স্থগিতাদেশ জাৰি কৰা হৈছিল ৷
লগতে পঢ়ক: ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিল্লী কেবিনেটৰ