ETV Bharat / bharat

Monkeypox in Delhi: দিল্লীত ধৰা পৰিল মংকিপক্সৰ প্ৰথমটো ঘটনা

author img

By

Published : Jul 24, 2022, 2:13 PM IST

ক’ৰণাৰ পাছত এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে (Monkeypox In India) ৷ যাৰবাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ এনে সময়তে দিল্লীত পোহৰলৈ আহিছে মাংকিপক্সৰ প্ৰথমটো ঘটনা (Monkeypox in Delhi) ৷

Monkeypox case Found in Delhi
দিল্লীত ধৰা পৰিল মংকিপক্সৰ প্ৰথমটো ঘটনা

নিউজ ডেস্ক, 24 জুলাই : দিল্লীত দেওবাৰে ধৰা পৰে মাংকিপক্সৰ প্ৰথমটো ঘটনা(Monkeypox case Found in India) । পশ্চিম দিল্লীৰ এজন 32 বছৰীয়া ব্যক্তি মাংকিপক্সত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে (monkeypox case in Delhi)। ব্যক্তিজনৰ বিদেশলৈ যোৱাৰ কোনো ইতিহাস নাই । জানিব পৰা মতে, লোকজনে কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ কুল্লু-মানালীলৈ গৈছিল ।

সম্প্ৰতি লোকজনক চিকিৎসকৰ তত্বাৱধানত দিল্লীৰ এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(Monkeypox case in LNJP Hospital Delhi) । ভাৰতত এতিয়ালৈ মুঠ 4টা মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছে(Fourth patient of monkeypox) । প্ৰথম তিনিটা ঘটনা কেৰালাৰ । দিল্লী চৰকাৰেও সম্প্ৰতি মাংকিপক্সক লৈ সতৰ্কতা জাৰি কৰাৰ লগতে এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লোকনায়ক জয় প্ৰকাশ চিকিৎসালয়ক দিল্লী চৰকাৰে ন’ডেল কেন্দ্ৰ কৰি তুলিছে ।

এই সন্দৰ্ভত লোকনায়ক জয় প্ৰকাশ চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডাঃ সুৰেশ কুমাৰে কয় যে, মাংকিপক্সৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খনত ছয়খন বিচনাযুক্ত এটা আইশ্ব'লেচন ৱাৰ্ড স্থাপন কৰা হৈছে । ইয়াত কাম কৰা চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীসকলক মাংকিপক্সৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে ।

ৰোগীজনক প্ৰথমে আইশ্ব’লেচন ৱাৰ্ডত ৰখা হ'ব(Monkeypox delhi case ) । ৰোগীক ভাৰত চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা দিয়া নিৰ্দেশনা অনুসৰি পৰীক্ষণ কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসা দিয়া হ'ব ৷ এই অনুসৰি আজি মুঠ 20 গৰাকী চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হৈছে । উল্লেখ্য যে, মাংকিপক্স এজন আনজনলৈ সংক্ৰমণ হয় ৷ এই ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক ৰকিধান কৰিব লাগে ৷

এই ক্ষেত্ৰত এন-95 মাস্ক যথেষ্ট কাৰ্যকৰী বুলি বিবেচনা কৰা হৈছে । তদুপৰি মাংকিপক্সৰ চিকিৎসাৰ সময়ত পি পি কিট পিন্ধা প্ৰয়োজনীয় । চিকিৎসালয়খনৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰা অনুসৰি মাংকিপক্সত সংক্ৰমিত তথা সন্দেহযুক্ত ৰোগীৰ ছালৰ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হয় ।

তেওঁ লগতে মাংকিপক্স সংক্ৰমিত দেশৰ পৰা অহা ব্যক্তিক তথা ছালত দাগ, জ্বৰ, চকুৰ ৰঙা পৰা, গাঁঠিৰ বিষ হ'লে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, ভাৰতত 14 জুলাইত মাংকিপক্সৰ প্ৰথম ঘটনা পোহৰলৈ আহিছিল ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ 75 খন দেশৰ প্ৰায় 16 হাজাৰ লোক বৰ্তমানলৈকে মাংকিপক্সত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে 9000ৰো অধিক ৰোগীৰ ।

লগতে পঢ়ক : Monkeypox global public health emergency : মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা WHOৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.