ETV Bharat / bharat

অনলাইন গেমিংত এপৰ প্ৰবঞ্চনা: ইডিৰ অভিযানত উদ্ধাৰ ৮ কোটি টকা - Amir Khan father of Nasir khan khan main accused

অনলাইন গেমিং এপ (Money Recovered in ED Raid) বনাই কোটি কোটি টকা লুণ্ঠন ৷ আজি পুৱাই এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ইডিয়ে কলকাতাৰ গাৰ্ডেনৰিচ, মমিনপুৰ আৰু পাৰ্ক ষ্ট্ৰীটত এজন ব্যৱসায়ীৰ বাহগৃহত অভিযান চলায় ৷ অভিযানকালত নিছাৰ খান নামৰ ব্যৱসায়ীজনৰ বাহগৃহৰ পৰা ৫০০ আৰু ২০০০ নোটৰ বাণ্ডিল উদ্ধাৰ কৰে ইডিয়ে ।

MONEY RECOVERED IN ED RAID AT THREE PLACES IN KOLKATA
অনলাইন গেমিংত এপ প্ৰবঞ্চনা: ইডিৰ অভিযানত উদ্ধাৰ ৮ কোটি টকা
author img

By

Published : Sep 10, 2022, 6:28 PM IST

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: কলকাতাত ইডিৰ বৃহৎ সাফল্য ৷ আজি পুৱাই এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ইডিয়ে গাৰ্ডেনৰিচ, মমিনপুৰ আৰু পাৰ্ক ষ্ট্ৰীটত এজন ব্যৱসায়ীৰ বাহগৃহত অভিযান চলায় ৷ অভিযানকালত নিছাৰ খান নামৰ ব্যৱসায়ীজনৰ বাহগৃহৰ পৰা বুজন পৰিমানৰ ৫০০ আৰু ২০০০ নোটৰ বাণ্ডিল উদ্ধাৰ কৰে ইডিয়ে (Money Recovered in ED Raid) ।

প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, ৮ কোটি টকা জব্দ কৰা হৈছে এই অভিযানত (Garden Reach Fraud Case) ৷ ইডিৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, অনলাইন গেমিং এপ তৈয়াৰ কৰি কৰা হৈছিল প্ৰৱঞ্চনা ৷ এনেধৰণৰ প্ৰৱঞ্চনাৰ কেইবাটাও অভিযোগ লাভ কৰিছিল ইডিয়ে ৷ তাৰ পিছত তদন্ত আৰম্ভ কৰে ইডিয়ে ৷ সেই তদন্তৰ পিছতে ইডিয়ে নিছাৰ খানৰ ঘৰত অভিযান চলাইছিল ।

অভিযানকালত প্ৰথমে সন্দেহৰ আঙুলি উঠিছিল আমিৰ খানৰ পুত্ৰ নাছিৰ খানৰ ওপৰত ৷ কিন্তু পৰৱৰ্তী সন্ধানতহে পোহৰলৈ আহিল এই ঘটনাৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ডৰ নাম ৷ পুত্ৰ নহয়, অনলাইন গেমিং চক্ৰৰ মূল অভিযুক্ত পিতৃ আমিৰ খানহে ৷ অনলাইন গেমিং এপ তৈয়াৰ কৰি কোটি কোটি টকা প্ৰবঞ্চনা কৰাৰ অভিযোগ আমিৰৰ বিৰুদ্ধে (Amir Khan father of Nasir khan khan main accused) ৷

অৱশ্যে নিছাৰ খানক বৰ্তমানলৈকে ক্লীন চিট দিয়া নাই ইডিয়ে ৷ ইডিৰ সূত্ৰ অনুসৰি অভিযুক্ত নিছাৰ খান এই চক্ৰত জড়িত হোৱাৰ সম্ভাৱনাই অধিক ৷ কিয়নো, নিছাৰ খানৰ বাসগৃহত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে ৷ এই বিষয়ে নিছাৰ খানে একো নাজানে বুলি ইডিয়ে সহজতে মানি ল’ব পৰা নাই ৷ ইফালে সমগ্ৰ বাসগৃহটোত কেন্দ্ৰীয় সংস্থাটোৰ তালাচী অভিযান অব্যাহত আছে ৷ আনফালে, পিতা-পুত্ৰ দুয়োকে জেৰা অব্যাহত ৰাখিছে ইডিয়ে ৷

লগতে পঢ়ক: Amazone ত শ্বপিং কৰি বিপাঙত ধেমাজিৰ এগৰাকী গ্ৰাহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.