ETV Bharat / bharat

কাৰাৰুদ্ধ হুৰিয়ত নেতা মহম্মদ আশ্ৰফ চেহৰাইৰ দেহাৱসান

তেহৰিক-ই-হুৰিয়তৰ নেতা মহম্মদ আশ্ৰফ চেহৰাইৰ পৰলোকপ্ৰাপ্তি । উধামপুৰৰ কোট ভালৱাল কাৰাগাৰত কাৰাবাস খাটি আছিল মহম্মদ আশ্ৰফে । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক জম্মুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । বুধবাৰে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

Mohammad Ashraf Sehrai passed away
কাৰাৰুদ্ধ হুৰিয়ত নেতা মহম্মদ আশ্ৰফ চেহৰাইৰ দেহাৱসান
author img

By

Published : May 5, 2021, 8:40 PM IST

নেশ্যনেল ডেস্ক,৫ মে': জম্মুৰ উধামপুৰৰ কোট ভালৱাল কাৰাগাৰত কৰাৰুদ্ধ হৈ থকা তেহৰিক-ই-হুৰিয়তৰ অধ্যক্ষ মহম্মদ আশ্ৰফ চেহৰাইৰ বুধবাৰে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ । শাৰীৰিক অসুস্থতাৰ বাবে মঙলবাৰে তেওঁক কাৰাগাৰৰ পৰা জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল । বিগত বৰ্ষৰ জুলাই মাহৰ পৰা তেওঁ কাৰাবাস খাটি আছিল ।

ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ কৰি তেওঁক শ্ৰীনগৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । পৰিয়ালে জনোৱা মতে, মহম্মদ আশ্ৰফ চেহৰাইৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুধবাৰে তেওঁলোকক অৱগত কৰা হৈছিল ৷ লগতে জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জনোৱা হৈছিল আৰু পৰিয়ালৰ লোকক জম্মুলৈ আহিবলৈ কোৱা হৈছিল । পৰিয়ালটোৱে লগতে অভিযোগ উত্থাপন কৰে যে, যোৱা কেইসপ্তাহমান ধৰি চেহৰাই অসুস্থ হৈ আছিল । তথাপিও প্ৰশাসনে তেওঁক কাৰাগাৰতে বন্দী কৰি ৰাখিছিল ।

জানিব পৰা মতে, হুৰিয়তৰ নেতাজনৰ মৃতদেহ এতিয়াও পৰিয়ালক হস্তান্তৰ কৰা হোৱা নাই আৰু তেওঁলোকে জম্মুত এতিয়াও অপেক্ষা কৰি আছে ।উল্লেখ্য যে, ২০২০ চনৰ মে' মাহত হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ তথা চেহৰাইৰ পুত্ৰ নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছিল ।

লগতে পঢ়ক: বিগত 24 ঘন্টাত ভাৰতত কৰ'ণাত মৃত্যু ৩,৭৮০ গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.