ETV Bharat / bharat

Karnataka poll 2023: নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বেংগালুৰুত অন্তিম ৰেলী সামৰিলে প্ৰধানমন্ত্ৰীয়ে - pm modi ends bengaluru campaign

দেওবাৰে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ কিন্তু আজি নিৰ্ধাৰিত সময় আৰু নিৰ্ধাৰিত দূৰত্বৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীয়ে বেংগালুৰুত সামৰণি মাৰিলে ৰেলীৰ ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Modi roadshow in Karnataka) ৷

Karnataka poll 2023
Karnataka poll 2023
author img

By

Published : May 7, 2023, 7:09 PM IST

নিউজ ডেস্ক, 7 মে’: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা দিন ৷ অৰ্থাৎ 10 মে’ত ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে বিজেপিয়ে ব্যাপক হাৰত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান, ৰ’ড শ্ব ৷ ৰ’ড শ্বত খোদ অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi roadshow in Karnataka) ৷

দেওবাৰেও বেংগালুৰুৰ এক ৰেলীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু নিৰ্ধানৰ দূৰত্ব আৰু সময়ৰ পূৰ্বেই এই ৰেলী সামৰণি মাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, দেওবাৰে দেশজুৰি অনুষ্ঠিত হৈ যায় NEET পৰীক্ষা (NEET exam 2023) ৷ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হয় এই পৰীক্ষা ৷ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰধানমন্ত্ৰীৰ ৰেলীৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে নিৰ্ধাৰিত সময় আৰু নিৰ্ধাৰিত দূৰত্বৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰেলী সমাপ্ত কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই ৰেলী দীঘলীয়া হ’লহেঁতেন ৷ কিন্তু NEET পৰীক্ষাৰ বাবে ৰেলী সময়ৰ পূৰ্বে সামৰিলোঁ ৷ মই পুৱাৰ ভাগতেই ৰেলী আয়োজন কৰিবলৈ কৈছিলোঁ আৰু ৰেলীৰ দূৰত্ব হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছিলো ৷ যাতে পৰীক্ষাৰ বাবে অহা ছাত্ৰী-ছাত্ৰীয়ে অসুবিধাত নপৰে (PM Modi in Bengaluru) ৷’’

দেওবাৰৰ ৰেলী পুৱা 10 বজাত আৰম্ভ হৈ দুপৰীয়া ডেৰ বজাত সমাপ্ত হোৱাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ৰেলীৰ দূৰত্ব পূৰ্ব নিৰ্ধাৰিত 26 কিলোমিটাৰ দূৰত্বৰ পৰা 8 কিলোমিটাৰলৈ হ্ৰাস কৰা হয় ৷ দেওবাৰে পুৱাৰ ভাগতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ লয় এই ৰেলীত ৷ উল্লেখ্য যে, আজি কৰ্ণাটকৰ নিৰ্বাচৰ বাবে প্ৰচাৰ অভিযান চলোৱাৰ অন্তিম দিন ৷ ইয়াৰ পাচৰে পৰা বলবৎ হ’ব নিৰ্বাচনী আচৰণ বিধি ৷ কোনো ৰাজনৈতিক দলে কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰিব ৷ ইফালে এই ৰেলীৰ পাচতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে তেওঁৰ হাই ভল্টেজ প্ৰচাৰ অভিযান (BJP campaign in Karnataka) ৷

উল্লেখ্য যে, অতি আৰ্ষণীয় হৈ পৰিছে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ ষ্টাৰ কেম্পেইনাৰ হিচাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ৷ এইবাৰৰ কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি ৷ সেয়েহে, যিকোনো প্ৰকাৰে কৰ্ণাটক দখলৰ প্ৰচেষ্টা বিজেপিৰ ৷ নিৰ্বাচনৰ ফলাফলৰ পাচতহে স্পষ্ট হ’ব কাৰ হাতলৈ যাব কৰ্ণাটক শাসনৰ বাঘজৰী ৷

লগতে পঢ়ক: Congress complaint against PM Modi : প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত দাখিল এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.