নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ ভিতৰত উত্তৰাখণ্ড অন্যতম । ইতিমধ্যে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে ৰাজনৈতিক দলসমূহে । বিজেপিয়ে ইতিমধ্যে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে (BJP star campaigners in Uttarakhand)।
৩০ গৰাকীকৈ তাৰকাই উত্তৰাখণ্ডত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ চলাব । তাৰকা প্ৰচাৰকৰ (star campaigners in Uttarakhand election) তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি বহু শীৰ্ষ নেতাৰ নাম । সমান্তৰালকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰাখণ্ড নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰহ্লাদ যোশী, দুষ্মন্ত কুমাৰ গৌতম, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাটে চলাব নিৰ্বাচনী প্ৰচাৰ ।
ইয়াৰ উপৰিও উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিজেপি নেতা ক্ৰমে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ৰাজ্যিক বিজেপিৰ সভাপতি মদন কৌশিক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণা, ত্ৰিবেন্দ্ৰ সিং ৰাৱট আৰু তিৰথ সিং ৰাৱাটো আছে তাৰকা প্ৰচাৰকৰ তালিকাত ।
ইফালে, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ শক্তিশালী কৰিবলৈ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া ৰেখা বাৰ্মা, নিৰ্বাচনী ভাৰপ্ৰাপ্ত লকেট চেটাৰ্জী, আৰ পি সিং, সাংগঠনিক ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ, সাংসদ অজয় তামতা, মালা ৰাজ্য লক্ষ্মী শ্বাহ, সাংসদ অনিল বালুনী, নৰেশ বনচাল, মনোজ তিৱাৰী, নয়াব সিং চাইনী, কেবিনেট মন্ত্ৰী সতপাল মহাৰাজ আৰু বলৰাজী আদিৰ নাম ।
লগতে পঢ়ক :Uttarakhand election 2022: উত্তৰাখণ্ডত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ