নেচনেল ডেস্ক, 6 জানুৱাৰী: ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ষেত্ৰত বিৰাজ কৰা অনিশ্চয়তাৰ মাজতে শীৰ্ষ অৰ্থনীতিবিদ তথা ক্ষেত্ৰীয় বিশেষজ্ঞ সকলৰ সৈতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এক আলোচনাত মিলিত হ'ব ৷ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে আগন্তুক বাজেটত কেনেধৰণৰ পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে মোডী অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হ'ব ৷
চৰকাৰৰ থিংক টেংক নীতি আয়োগৰ দ্বাৰা ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ আৰু নীতি আয়োগৰ চি ই অ' অমিতাভ কান্তে অংশগ্ৰহণ কৰিব ৷
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চৰকাৰী বিষয়াই বৈঠক খনৰ বিষয়ে উল্লেখ কৰি কয় যে, "আগন্তুক বাজেটৰ বাবে ইনপুট বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনীতিবিদ সকলক লগ কৰিব ৷"
এই আলোচনা যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব বুলি ধাৰণা কৰা হৈছে , কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে 2021 চনৰ মাৰ্চ মাহত সমাপ্ত হ'ব লগীয়া চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি 7.5 লৈ সংকুচিত হ'ব বুলি অনুমান কৰাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজি (আইএমএফ) আৰু বিশ্ববেংকে এই পৰিমাণ যথাক্ৰমে 10.3 আৰু 9.6 শতাংশ হ'ব বুলি অনুমান কৰিছে ৷
উল্লেখ্য যে চেপ্তেম্বৰৰ তিনিমাহত আশা কৰাতকৈ অধিক দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়ি যোৱা পৰিলক্ষিত হয় ৷ জানিব পৰা মতে 2021 চনৰ 1 ফেব্ৰুৱাৰীত আগন্তুক কেন্দ্ৰীয় বাজেট প্ৰকাশ কৰা হ'ব ৷
লগতে পঢ়ক:COVID-১৯ৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰা অনুচিত : সীতাৰাম য়েচুৰী