ETV Bharat / bharat

আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্ণাণ্ডেজৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা বৈঠক মোডীৰ

author img

By

Published : Jun 27, 2022, 4:30 PM IST

দুয়োগৰাকী নেতাৰ মাজত এয়াই হৈছে প্ৰথম দ্বিপাক্ষিক বৈঠক । বৈঠকত তেওঁলোকে ২০১৯ চনত স্থাপিত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে (implementing bilateral Strategic Partnership) । জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ জাৰ্মানীত উপস্থিত হয় মোডী (Modi arrived Germany to take part G7 summit) ।

Modi-Alberto
Modi-Alberto

নিউজ ডেস্ক, ২৭ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জি-৭ সন্মিলনৰ (G7 Summit) সময়ত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্ণাণ্ডেজৰ সৈতে এক গঠনমূলক বৈঠকত বহে আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰে (Narendra Modi meeting with Argentinian President Alberto Fernandez) । বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা সহযোগিতা, কৃষি, জলবায়ু ব্যৱস্থা আৰু খাদ্য সুৰক্ষাৰ দৰে বিভিন্ন বিষয়ত আলোচনা কৰে ।

উল্লেখ্য, দুয়োগৰাকী নেতাৰ মাজত এয়াই হৈছে প্ৰথম দ্বিপাক্ষিক বৈঠক । বৈঠকত তেওঁলোকে ২০১৯ চনত স্থাপিত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে (implementing bilateral Strategic Partnership) । জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ জাৰ্মানীত উপস্থিত হয় মোডী (Modi arrived Germany to take part G7 summit) । তেওঁ শক্তিশালী গোট আৰু ইয়াৰ অংশীদাৰ দেশসমূহৰ নেতাসকলৰ সৈতে শক্তি, খাদ্য সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, পৰিৱেশ আৰু গণতন্ত্ৰৰ দৰে বিষয়সমূহৰ বিষয়ত আলোচনা কৰিব ।

"মিউনিখত (Munich) ৰাষ্ট্ৰপতি আলবাৰ্টোৰ সৈতে হোৱা অতি গঠনমূলক বৈঠকত ভাৰত-আৰ্জেণ্টিনা বন্ধুত্বৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰা হয় । আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত শক্তিশালী সহযোগিতাই আমাৰ লোকসকলক যথেষ্ট উপকৃত কৰিব ।" মোডীয়ে টুইটত এনেদৰে কয় ।

"আৰ্জেণ্টিনাৰ সৈতে বন্ধুত্ব ত্বৰান্বিত কৰিব বিচৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিউনিখত ৰাষ্ট্ৰপতি আলফাৰডেজৰ সৈতে আলোচনাত বহে । দুয়োগৰাকী নেতাই ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে (commercial and cultural linkages between India and Argentina) ।" প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (Prime Minister's Office) তেওঁৰ দুই ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত মোডীৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত এক টুইটযোগে এনেদৰে কয় ।

প্ৰধানমন্ত্ৰীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁলোকৰ প্ৰথম দ্বিপাক্ষিক বৈঠকত বাণিজ্য আৰু বিনিয়োগ, জলবায়ু কাৰ্য, দক্ষিণ-দক্ষিণ সহযোগিতা, ফাৰ্মাচিউটিকেল, পৰম্পৰাগত ঔষধ, কৃষি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে (External Affairs Ministry Spokesperson Arindam Bagchi) এক টুইটযোগে কয় ।

দুয়োপক্ষই এই খণ্ডসমূহত তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ সন্মত হোৱা বুলিও তাত কোৱা হৈছে । ভাৰতৰ উপৰি জি-৭ সন্মিলনৰ আয়োজক জাৰ্মানীয়ে বিশ্বৰ দক্ষিণৰ গণতন্ত্ৰসমূহক ইয়াৰ অংশীদাৰ হিচাপে স্বীকৃতি দিবলৈ আৰ্জেণ্টিনা, ইণ্ডোনেছিয়া, ছেনেগাল আৰু দক্ষিণ আফ্ৰিকাক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ।

উল্লেখ্য, ২০১৯ চনত ভাৰত-আৰ্জেণ্টিনা সম্পৰ্ক (India-Argentina relations) কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হয় । দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্ক বিগত বছৰবোৰত শক্তিশালী হৈছে আৰু ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাক সামৰি লৈছে । আৰ্জেণ্টিনাত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি, ভাৰতে ১৯৪৩ চনত বুয়েনছ আইৰেছত এটা বাণিজ্য আয়োগ মুকলি কৰে (India opened Trade Commission in Buenos Aires), যাক পিছত ১৯৪৯ চনত দক্ষিণ আমেৰিকাত ভাৰতৰ প্ৰথম দূতাবাসসমূহৰ ভিতৰত (first Embassies of India in South America) এটালৈ ৰূপান্তৰিত কৰা হয় ।

আৰ্জেণ্টিনাত প্ৰায় 2,600 প্ৰবাসী ভাৰতীয় আছে (around 2,600 NRIs in Argentina)। তেওঁলোকৰ বেছিভাগেই ৰাজধানী চহৰ বুয়েনছ আইৰেছত বাস কৰে । তেওঁলোক ভাৰতীয় কোম্পানী আৰু বহুজাতিক কোম্পানীৰ সৈতে কাম কৰা লোক । উল্লেখ্য জাৰ্মানীৰ পৰা মোডীয়ে ২৮ জুনত সংযুক্ত আৰব আমিৰেটলৈ উৰা মাৰিব (Modi will travel to United Arab Emirates) । উপসাগৰীয় ৰাষ্ট্ৰখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ (Sheikh Khalifa bin Zayed Al Nahyan passes) মৃত্যুত তাত তেওঁ সমবেদনা জ্ঞাপন কৰিব । যোৱা কেইবা বছৰ ধৰি অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ পিছত শ্বেখ খলিফাৰ ১৩ মে'ত মৃত্যু হয় ।

লগতে পঢ়ক: Modi in Germany : G7 নেতাসকলৰ সৈতে 'ফলপ্ৰসূ আলোচনা'ৰ অপেক্ষাত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.