নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: কাশ্মীৰ অধিকাংশ স্থানতে মঙলবাৰে কিছু পৰিমাণে তুষাৰপাত হয় । পাতলীয়া তুষাৰপাতে স্বাভাৱিকতে হাঁহি বিৰিঙাইছে পৰ্যটনৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ মুখত । কিয়নো তেওঁলোকে আশা কৰিছে যে নৱবৰ্ষৰ পূৰ্বে কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমণ ঘটিব । বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে, পুৱা প্ৰায় ৭ বজাৰ পৰা শ্ৰীনগৰত তুষাৰপাত আৰম্ভ হৈছে ।
বুদগাম, পুলৱামা, কুলগাম, অনন্তনাগকে ধৰি দক্ষিণ কাশ্মীৰৰ প্ৰায়বোৰ জিলাতে তুষাৰপাত হয় । আনহাতে, উত্তৰ কাশ্মীৰৰ গুলমাৰ্গৰ স্কী-ৰিজৰ্টত ৭ ইঞ্চি উচ্চতালৈকে বৰফে আগুৰি ধৰিছে । ৩-৪ ইঞ্চি উচ্চতা পৰ্যন্ত বৰফে ছানি ধৰিছে দক্ষিণ কাশ্মীৰৰ পহলগাম ৰিজৰ্ট আৰু মধ্য কাশ্মীৰৰ সোনামাৰ্গ ৰিজৰ্ট । সোমবাৰৰ পৰা শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত থকা জৱাহৰ সুৰংগৰ আশে-পাশে থকা অঞ্চলতো তুষাৰপাত হয় ।
নৱবৰ্ষৰ প্ৰাক ক্ষণত তুষাৰপাত হোৱা বাবে স্থানীয় বহু পৰ্যটকে গুলমাৰ্গ আৰু পহলগামলৈ ঢাপলি মেলিছে । সোমবাৰে গুলমাৰ্গলৈ ১২০০ৰো অধিক স্থানীয় পৰ্যটকৰ আগমণ ঘটে । ২৫০০ৰো অধিক পৰ্যটকে ভিৰ কৰে স্কী-ৰিজৰ্টত । আগন্তুক দুটা দিনত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰে নিশা শ্ৰীনগৰত তাপমাত্ৰা শূন্য ডিগ্ৰী চেলছিয়াছ আছিল ।
ইয়াৰ উপৰিও গুলমাৰ্গত -৭.৫ ডিগ্ৰী চেলছিয়াছ, কাজিগুণ্ডত -০.৪ ডিগ্ৰী, কুৱাৰাত -১ ডিগ্ৰী, ককাৰনাগত -৩ ডিগ্ৰী চেলছিয়াছলৈ তাপমাত্ৰা নিম্নগামী হয় । গুলমাৰ্গৰ স্কী-ৰিজৰ্টক উপত্যাকাৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা ঠাই হিচাপে চিনাক্ত কৰা হৈছে । কাশ্মীৰৰ পাহাৰীয়া অঞ্চলসমূহত তুষাৰপাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:ৰাজস্থানত ধৰ্ষণৰ বলি হোৱা নাবালিকাই প্ৰসৱ কৰিলে এটি দেৱশিশু