ETV Bharat / bharat

Delhi liquor scam: ইডিৰ অভিযোগনামাত কে চি আৰৰ কন্যা কবিতা

বহুচৰ্চিত দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা অভিযোগপত্ৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (কে চি আৰ)ৰ কন্যা কবিতাসহ চাৰি অভিযুক্তৰ নাম । কবিতাৰ মূল অংশীদাৰিত্ব থকা ইণ্ডো-স্পিৰিটছ কোম্পানীয়ে 14,05,58,890 বটল সুৰা বিক্ৰী কৰি 192.8 কোটি টকা উপাৰ্জন কৰিছিল (Indospirits company) বুলি ইডিৰ অভিযোগ ।

প্ৰৱৰ্তন সঞ্চালকালৰ অভিযোগপত্ৰ
দিল্লীৰ সুৰা কেলেংকাৰী গোচৰ
author img

By

Published : Dec 21, 2022, 3:24 PM IST

নেশ্য়নেল ডেস্ক, ২১ডিচেম্বৰ: দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা সমীৰ মহেন্দ্ৰুৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা অভিযোগপত্ৰত তেলেংগানাৰ এমএলচি কবিতা, সাংসদ মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডী, তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডী আৰু অৰবিন্দ ফাৰ্মাৰ সঞ্চালক শৰৎ চন্দ্ৰ ৰেড্ডীৰ নাম উল্লেখ কৰিছে (Delhi liquor scam case)।

উল্লেখ্য় যে ইডিৰ অভিযোগপত্ৰ অনুসৰি এই লোকসকলৰ সৈতে বোইনাপল্লী অভিষেক, বুচি বাবু আৰু অৰুণ পিল্লাই এই গোটেই ঘটনাটোত ভূমিকা পালন কৰিছে (Delhi Liquor Scam and ED chargesheet )। ইডিয়ে এই বিষয়ে লাভ কৰা তথ্য় সমূহ সমীৰ মহেন্দ্ৰু, পি শৰৎ চন্দ্ৰ ৰেড্ডী, বিনয় বাবু, বিজয় নায়াৰ আৰু বোইনাপল্লী অভিষেকৰ পৰা লোৱা বিবৃতিৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰিছে (Enforcement Directorate)।

ইডিৰ অভিযোগনামাত উল্লেখ কৰা অনুসৰি মাগুন্তা ৰাঘৱ ৰেড্ডী আৰু কবিতাৰ মূল অংশীদাৰত্ব থকা ইণ্ডোস্পিৰিটছ কোম্পানীয়ে 14,05,58,890 বটল সুৰা বিক্ৰী কৰি 192.8 কোটি টকা উপাৰ্জন কৰিছিল (Indospirits company)। মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডী, ৰাঘৱ ৰেড্ডী, শৰৎ ৰেড্ডী আৰু কে কবিতাৰ নিয়ন্ত্ৰনত থকা দক্ষিণ গোটে বিজয় নায়াৰক ১০০ কোটি টকা দিছিল ।

দক্ষিণ গোট আৰু এপিপিৰ (AAP) নেতাসকলৰ মাজত হোৱা চুক্তি অনুসৰি দক্ষিণ গোটে এই অৱদানবোৰ আগতীয়াকৈ পৰিশোধ কৰিছিল। ফলস্বৰূপে, দক্ষিণ গোটে অবাঞ্ছিত লাভ কৰে । দানৰ ৰূপত দিয়া 100 কোটি টকা পুনৰুদ্ধাৰ কৰাৰ বাবে দক্ষিণ গোটক ইণ্ডোস্পিৰিটৰ 65% অংশীদাৰিত্ব প্ৰদান কৰা হৈছিল । ইণ্ডোস্পিৰিটছৰ অংশীদাৰিত্ব দক্ষিণ গোটৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল য'ত বেনামি প্ৰতিনিধি হিচাপে অৰুণ পিল্লাই আৰু প্ৰেম ৰাহুলৰ নাম উল্লেখ আছিল (MLC Kavitha MP Magunta names in ED chargesheet)। এইক্ষেত্ৰত জড়িত ৩৬ জনৰো অধিক লোকে ১৭০ টা ফোন ধ্বংস কৰিছিল ।

ইডিৰ অভিযোগপত্ৰখনত উল্লেখ কৰে যে সমীৰে এই বছৰৰ জানুৱাৰীত হায়দৰাবাদত তেওঁৰ ঘৰত কবিতাক লগ পাইছিল । সমীৰৰ লগতে শৰৎচন্দ্ৰ ৰেড্ডী, অৰুণ পিল্লাই, অভিষেক আৰু কবিতাৰ স্বামী অনিলো তাত উপস্থিত আছিল । সেই উপলক্ষে কবিতাই অৰুণ পিল্লাইক আশ্বাস দিছিল যে তেওঁ পৰিয়ালৰ সদস্যৰ দৰে আৰু তেওঁৰ সৈতে ব্যৱসায় কৰাৰ অৰ্থ হৈছে কবিতাৰ সৈতে ব্যৱসায় কৰা ।

আপৰ মনোনীত বিজয় নায়াৰে অৰুণ পিল্লাইক কয় যে এই সুৰা কেলেংকাৰীত মুঠ 10 হাজাৰ কোটি টকা উপাৰ্জন হৈছে বাবে তেওঁলোকক শক্তিশালী মুৰব্বীৰ প্ৰয়োজন (AAPs nominee Vijay Nair)। শক্তিশালী লোকৰ বাবে অপেক্ষা কৰি থাকোতে শৰৎ চন্দ্ৰ ৰেড্ডীয়ে দিল্লীৰ সুৰা ব্যৱসায়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল । ইডিৰ অভিযোগনামা অনুসৰি এই সন্দৰ্ভত তেওঁ বুচি বাবুক বিত্তীয় সম্পদ আৰু বিপণন বিশ্লেষণৰ বাবে আনিছিল (Delhi Liquor Scam ED chargesheet news)।

লগতে পঢ়ক:Education for Children: শিশুৰ শিক্ষা আৰু অধিকাৰ ৰক্ষাৰ প্ৰসংগত টিংখাঙত সজাগতা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.