ETV Bharat / bharat

ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম - উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰাম

ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰামে ৷ ৰাজ্যখনৰ 58.7% জনসংখ্যাই বিভিন্ন ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে বুলি এক প্ৰতিবেদনত প্ৰকাশ ৷

ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

author img

By

Published : Dec 26, 2020, 10:39 PM IST

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : The Global Adult Tobacco Survey (GATS) 2 ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰামে ৷ ৰাজ্যখনৰ 58.7% জনসংখ্যাই বিভিন্ন ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে বুলি এই প্ৰতিবেদনত প্ৰকাশ ৷ 34.4 শতাংশই ছিগাৰেট সেৱন কৰাৰ পৰিৱৰ্তে 33.5 শতাংশই সেৱন কৰে অন্য ধঁপাত জাতীয় সামগ্ৰী ৷

National Tobacco Control Program, মিজোৰামৰ ৰাজ্যিক পৰামৰ্শদাতা আৰ. লালৰেমৰুয়াটাই কয়, "GATS 2 প্ৰতিবেদন অনুসৰি, মিজোৰামৰ 58.7% জনসংখ্যাই ধঁপাত সেৱন কৰে ৷ এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ঘৰত এজনে আনজনৰ পৰা ধঁপাত সেৱনৰ কৰাৰ পৰিমাণো বহু বেছি ৷ ইয়াৰ পৰা এয়া প্ৰমাণিত হয় যে, পৰিয়ালৰ মাজত ধঁপাত সেৱন কৰাটো গ্ৰহণযোগ্য হিচাপে লোৱা হয় ৷" তেওঁ লগতে কয়, "মিজোৰামত কেন্সাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ ধঁপাত সেৱন হ'ব পাৰে ৷"

ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

2012-2014 চনৰ কেন্সাৰ পঞ্জীয়নে এই কথা সূচাইছে যে, পুৰুষ আৰু মহিলা উভয়তে হাওঁফাওঁ, পেটৰ কেন্সাৰৰ ক্ষেত্ৰত শীৰ্ষ স্থানত থকা ৰাজ্যখনেই হৈছে মিজোৰাম ৷ State Medical Referral Board ৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি, 59.32% কেন্সাৰ আক্ৰান্তই ধঁপাত সেৱনকাৰী আৰু ইয়াৰে 45.76 শতাংশই দেশৰ বিভিন্ন স্থানত চিকিৎসা গ্ৰহণ কৰি আছে ৷

আনকি ধঁপাত সেৱন নকৰাকৈ কেন্সাৰত আক্ৰান্ত হোৱা লোকসকলো ধঁপাতৰ ধোঁৱাৰ পৰা আক্ৰান্ত হৈছে ৷ ইয়াৰ অৰ্থ হৈছে তেওঁলোক ধঁপাত ব্যৱহাৰকাৰীৰ সৈতে বসবাস কৰি আছে ৷

লালৰেমৰুয়াটায়ে লগতে কয় যে, ৰাজ্যখনত ধঁপাত সেৱন ৰোধ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ 1989 চনৰ পৰাই ধঁপাত বিৰোধী অভিযান আৰম্ভ কৰা হৈছে ৷ National Tobacco Control Program য়ে অন্যান্য বিভাগীয় কাৰ্যকৰ্তাৰ সৈতে ধঁপাত সেৱন বন্ধ কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰ 9 খন জিলাতে ধঁপাত ৰোধক ক্লিনিক আছে আৰু তথ্য অনুসৰি 57.95% ধঁপাত ব্যৱহাৰকাৰীয়ে বন্ধুৰ সংগত এই অভ্যাস গঢ়ি তুলিছে ৷ আনহাতে, 12.31% ই পৰিয়ালৰ পৰা এই অভ্যাস গঢ়ি তুলিছে বুলি তথ্যত প্ৰকাশ ৷ লালৰেমৰুয়াটায়ে লগতে কয় যে, বহু লোকে ইয়াক ফেশ্বন বুলি ভাবি সেৱন কৰে ৷

বহু চৰকাৰী এজেন্সী, গীৰ্জা আৰু বেচৰকাৰী সংস্থাসমূহৰ প্ৰচেষ্টাত প্ৰায় 20-25 শতাংশ ধঁপাত ব্যৱহাৰকাৰীয়ে এই অভ্যাস ত্যাগ কৰিছে ৷ ৰাজ্যখনৰ সকলো জিলাতে চৰকাৰে গঢ়ি তুলিছে ধঁপাত বিৰোধী স্কোৱাড ৷ সকলো জিলাৰে উপায়ুক্তক এই স্কোৱাডৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

ধঁপাত সেৱন ৰোধৰ প্ৰসাৰৰ বাবে মিজোৰামে এক নতুন প্ৰক্ৰিয়া অৱলম্বন কৰিছে ৷ সেই অনুসৰি, নিয়ম উলংঘা কৰাসকলক কেৱল জৰিমণা বিহাই নহয় তেওঁলোকক এখনকৈ চালান দিয়া হয় আৰু ধঁপাত ৰোধক ক্লিনিকত উপস্থিত হ'বলৈ অনুৰোধ কৰা হয় ৷ সেই ক্লিনিকলৈ তেওঁলোক চালানখন লৈ উপস্থিত হ'লে 50 শতাংশ জৰিমণা উভতাই দিয়া হয় ৷ ইয়াৰোপৰি, স্কুলীয়া পাঠ্যক্ৰমত মিজোৰামে ধঁপাত সেৱন বিৰোধী এক বিষয়ো অন্তৰ্ভূক্ত কৰিছে ৷

লগতে পঢ়ক : বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.