ETV Bharat / bharat

ক'ভিড-১৯: বিগত ২৪ ঘণ্টাত মিজোৰামত ৫ জনৰ মৃত্যু - জ'ৰাম চিকিৎসা মহাবিদ্যালয়

মিজোৰামত বিগত ২৪ ঘণ্টাত কৰ'ণাই প্ৰাণ কাঢ়িলে ৫ জন লোকৰ । আটাইকেইজন ৰোগী জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । ৰাজ্যখনত বৰ্তমানলৈকে ৭,৬২৩ জন লোক মহামাৰীত আক্ৰান্ত হৈছে ।

Mizoram Covid update
মিজোৰামত যোৱা ২৪ ঘণ্টাত ৫ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু
author img

By

Published : May 10, 2021, 6:02 PM IST

নেশ্যনেল ডেস্ক,১০ মে': সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰ । আন ৰাজ্যৰ লগতে মিজোৰামতো দৈনিক বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈ নতুনকৈ ৫ জন লোকে প্ৰাণ হেৰুৱাইছে । এই ৫ জন লোকৰ ভিতৰত বাউইহলুটা নামৰ এজন ৮২ বছৰীয়া লোক জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি হৈ আছিল ।

Mizoram Covid update
মিজোৰামত যোৱা ২৪ ঘণ্টাত ৫ জন কৰ'ণা আক্ৰান্তৰ মৃত্যু

আনহাতে, জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে আন ৪ জন লোক চিকিৎসাধীন হৈ আছিল । লালনেইহনেমা নাম লোকজন যোৱা ২৯ এপ্ৰিলত কৰ'ণাত আক্ৰান্ত হৈছিল । ৩ মে'ত লাল্লুংঘনেমা নামৰ লোকজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । আনহাতে, লালথিয়াংলিমি ২১ এপ্ৰিলৰ পৰা আৰু থাংলুয়ায়া নামৰ লোকজন ২৭ এপ্ৰিলৰ পৰা জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

যোৱা ৯ মে'ত ৭৩ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হয় । উক্ত দিনটোত ৯০৪ টা নমুনা পৰীক্ষা কৰোৱা হৈছিল । ৰাজ্যখনত বৰ্তমানলৈকে ৭,৬২৩ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৫,৭৫৫ জন আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে মিজোৰামত ২২ জন লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত এতিয়া ১,৮৪৬ গৰাকী সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: ১৪ খন ৰাজ্যলৈ কোভেক্সিনৰ পোনপটীয়া যোগান ভাৰত বায়'টেকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.