নেশ্যনেল ডেস্ক,৩০ এপ্ৰিল: মিজোৰামৰ ৰাজ্যপাল পি.এছ. শ্ৰীধৰণ পিল্লাই শুকুৰবাৰে তাৰিখে স্বাস্থ্যমন্ত্ৰী ড. আৰ.লালথানগ্লিয়ানা আৰু মিজোৰামৰ সকলো গীৰ্জাৰ সংগঠন এম.কে.এইচ.চি.ৰ নেতা, যুটীয়া এন.জি.ও. সমন্বয় সমিতিৰ নেতা আৰু প্ৰাক্তন সেৱা লীগৰ প্ৰতিনিধিসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হয় । ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ পৰিস্থিতি আৰু নাগৰিকৰ ওপৰত কেনেদৰে সজাগ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত ।
বৈঠকত ৰাজ্যপাল পিল্লাই মিজোৰামৰ শেহতীয়া কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উদ্বেগ প্ৰকাশ কৰে আৰু কয় যে মিজোৰামৰ দৰে স্বাস্থ্য সেৱাৰ ফলৰ পৰা সীমিত সুবিধা থকা ৰাজ্য়ৰ বাবে ই অতি চিন্তাৰ বিষয় । সেয়ে সকলো লোককে কঠোৰভাৱে ক'ভিড বিধি পালন কৰাৰ লগতে হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা আদি নিশ্চিত কৰিবলৈ আহ্বান জনায় ।
তেওঁ ক'ভিডৰ ঘটনা আৰু মৃত্যুৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হোৱাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই অতি সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে । তেওঁৰ মতে ক'ভিডৰ বিৰুদ্ধে সামূহিক ভাৱে যুঁজ দিব লাগিব সেয়ে পুনৰ দায়িত্বশীল নেতাসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি ৰাইজক ক'ভিড বিধি পালনত সহায় কৰিবলৈ আহ্বান জনায় ।
তেওঁ গীৰ্জা আৰু বেচৰকাৰী সংগঠনসমূহৰ নেতাসকলক সময়ে সময়ে চৰকাৰে জাৰি কৰা ক'ভিড-১৯ৰ নিৰ্দেশনা আদি পালন কৰাৰ বাবে জনসাধাৰণক প্ৰভাৱিত কৰিবলৈ তেওঁলোকৰ বিশ্বাসযোগ্য মঞ্চ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ।
স্বাস্থ্য মন্ত্ৰী ড০ আৰ লালথানগ্লিয়ানাই বৈঠকত অৱগত কৰে যে কেনেকৈ মিজোৰাম ক'ভিড-১৯ মহামাৰীৰ প্ৰথম ঢৌত আটাইতকৈ কম প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছিল । তেওঁ মিজোৰামত পাৰ্থক্য সৃষ্টি কৰা কাৰক হিচাপে নাগৰিক সমাজৰ সমৰ্থনক ধন্যবাদ জনায় । তেওঁ লগতে উল্লেখ কৰে যে পৰ্যাপ্ত স্বাস্থ্যসেৱা সুবিধাৰ অভাৱ থকা স্বত্বেও মিজোৰাম ক'ভিডৰ ক্ষেত্ৰত উন্নত ৰাজ্যসমূহৰ ভিতৰত আছে ।
স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশজুৰি লকডাউন আহ্বান কৰাৰ আগতেই লকডাউন বলবৎ কৰা ৰাজ্যখন আছিল মিজোৰাম । প্ৰথমে লেংপুইৰ একমাত্ৰ বিমানবন্দৰত পৰীক্ষা কৰা হৈছিল , প্ৰথমে ৰাজ্যৰ সীমা আৰু আন্তঃৰাষ্ট্ৰীয় সীমা বন্ধ কৰাৰ লগতে গাঁও, জিলা আৰু ৰাজ্যিক পৰ্যায়ত কাৰ্যকৰী টাস্ক ফ'ৰ্চ স্থাপন কৰা হৈছিল । তেওঁ প্ৰকাশ কৰে যে ৰাজ্যখনত কেইবাটাও লকডাউন কাৰ্যকৰী হৈছিল । কিন্তু এতিয়া যিহেতু ৰাজ্যখনত ক'ভিড সংক্ৰমণ বৃদ্ধি হৈছে সেয়ে লকডাউনৰ বিকল্প হিচাপে কঠোৰ ব্যৱস্থা প্ৰয়োগ কৰাৰ বাহিৰে ৰাজ্যখনৰ ওচৰত কোনো বিকল্প নাথাকিব ।
লগতে পঢ়ক:সমকামী সম্পৰ্ক গোচৰৰ ৰায়দানৰ পূৰ্বে মনোবিজ্ঞানীৰ কাষ চাপিল ন্যায়াধীশ