ETV Bharat / bharat

মিজোৰামত এটা দিনত ১৪৪ জন কৰ'ণাত আক্ৰান্ত - কৰ'ণাৰ সংহাৰ

দেশৰ আন আন ৰাজ্যৰ লগতে মিজোৰামতো বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । যোৱা ১২ মে'ত ৰাজ্যখনত ১৪৪ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰে । এতিয়ালৈকে কৰ'ণাত আক্ৰান্ত হৈ ৰাজ্যখনৰ ২৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।

Mizoram Covid update
মিজোৰামত মাত্ৰ এটা দিনত ১৪৪ জন কৰ'ণাত আক্ৰান্ত
author img

By

Published : May 14, 2021, 11:55 AM IST

নেশ্যনেল ডেস্ক, ১৪ মে': কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক মহামাৰীৰ গ্ৰাসত পৰিছে । ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা ৮,১৭৬ জনলৈ বৃদ্ধি পাইছে । যোৱা ১২ মে'ত মিজোৰামত ১৪৪ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় ।

Mizoram Covid update
মিজোৰামত মাত্ৰ এটা দিনত ১৪৪ জন কৰ'ণাত আক্ৰান্ত

ৰাজ্যখনত বিভিন্ন ট্ৰু এন এ টি গৱেষণাগাৰত পৰীক্ষা কৰা ২৫৯ টা নমুনাৰ ভিতৰত ৩ টা নমুনাত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ আৰ এ জি টিৰ দ্বাৰা কৰা পৰীক্ষাত ১,৭০২ জনৰ ভিতৰত ১৪১ জন আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । ১২ মে'ত ৰাজ্যখনত মুঠ ১৯৬১টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে আক্ৰান্তৰ হাৰ ৭.৩৪ শতাংশ ।

বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ৮৪ জন লোক আৰোগ্য হৈ ঘৰলৈ উভতে । ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭৫ শতাংশ হৈছেগৈ । বৰ্তমানলৈকে মহামাৰীৰে যুঁজি ৰাজ্যখনৰ ৬,২০৪ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে আৰু ২৩ জনে প্ৰাণ হেৰুৱাইছে আৰু ১৩ মে' পৰ্যন্ত ৰাজ্যখনত ১৯৪৯ জন ক'ভিডত আক্ৰান্ত ৰোগী আছে ৷

লগতে পঢ়ক:ত্ৰিপুৰাত তিনি দুৰ্ধৰ্ষ এন এল এফটি কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.