মিজোৰাম, ১০ জানুৱাৰী: মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰ টি- পি চি আৰ গৱেষণাগাৰত সম্পন্ন কৰা ২৫৫ টা নমুনা পৰীক্ষাৰ অন্তত ১১ গৰাকী লোকৰ দেহত Covid-১৯ প'জিটিভ ধৰা পৰিছে ৷ ইয়াৰ ভিতৰত ১৮-৬৮ বয়সৰ ৯ গৰাকী পুৰুষ আৰু ২ গৰাকী মহিলা । আক্ৰান্তকেইগৰাকীৰ ২ গৰাকী পুৰুষ আৰু ৬৮ বছৰীয়া মহিলা এগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল ।
ইপিনে,ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ TrueNAT পৰীক্ষাগাৰত কৰা ৯৯ টা নমুনাৰ ভিতৰত ৩ জন Covid-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ইয়াৰ ২ গৰাকী বিএছএফ কৰ্মী অসম আৰু ঋাৰখণ্ডৰ পৰা অহাৰ লগতে আনগৰাকী ৩০ বছৰীয়া মহিলা ৰাজস্থানৰ পৰা অহা । আক্ৰান্ত আটাইকেইগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল ।
ইফালে ৪৩৫ টা ৰেপিড এন্টিজেনৰ পৰীক্ষাত ৩ জনৰ Covid-১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত ২ গৰাকী মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ ধৰা পৰিছিল আৰু এজন পুৰুষৰ দেহত কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ ধৰা পৰা নাছিল ।
উল্লেখ্য যে, ৯ জানুৱাৰীত ৰাজ্যখনত মুঠ ৭৮৯ টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰে ২.১৫ শতাংশ পজিটিভ কেচ পোৱা গৈছে আৰু আৰোগ্য হৈছে ৯৭.৫ শতাংশ ।
৯ জানুৱাৰীলৈ মুঠ ১৭ গৰাকী আক্ৰান্ত হৈছে ।
আনহাতে, ১০ জানুৱাৰী পুৱা ৭ বজাৰ তথ্য অনুসৰি, ৰাজ্যখনত ৪২৯২ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮ গৰাকী লোকৰ মৃত্যু হৈছে ৷ সুস্থ হোৱা লোকৰ সংখ্যা ৪১৮৬ জনৰ বিপৰীতে ৯৮ টা সক্ৰিয় ঘটনা ।
লগতে পঢ়ক:বৰ্তমানলৈকে ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো স্পষ্টীকৰণ নাই