ETV Bharat / bharat

সীমান্তৰ সমস্যাক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল মিজোৰাম

author img

By

Published : Jul 22, 2021, 7:39 PM IST

অসম-মিজোৰাম সীমান্তত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘন কৰি আহিছে অসমে ৷ এই অভিযোগ উত্থাপন কৰি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল মিজোৰাম চৰকাৰ ৷

human rights commission
সীমান্তৰ সমস্যাক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল মিজোৰাম

গুৱাহাটী, ২২ জুলাই: হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্তৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে মিজোৰামে ভূমি আগ্ৰাসন, স্থানীয় লোকক অত্যাচাৰ, গাঁৱত অগ্নি সংযোগ ইত্যাদি কাম কৰি অহাৰ প্ৰায় অভিযোগ উত্থাপন হৈ আহিছে ৷ কিন্তু এই অভিযোগৰ সমান্তৰালকৈ ওলোটাই অসমকহে দোষ জাপি দিবলৈ চেষ্টা চলাইছে মিজোৰাম চৰকাৰে । শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ ওচৰত মিজোৰাম চৰকাৰে সুকীয়া সুকীয়াকৈ আবেদন দাখিল কৰিছে ৷ আবেদনত কোৱা হৈছে যে অসমে সীমান্ত অঞ্চলত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘন কৰি আহিছে ৷

সেয়েহে এইক্ষেত্ৰত আয়োগৰ হস্তক্ষেপ জৰুৰী হৈ পৰিছে । দুয়োখন আয়োগকে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ আবেদন জনাইছে মিজোৰাম চৰকাৰে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল সীমান্ত অঞ্চলত মিজোৰামে অসমৰ লোকৰ ওপৰত চলাই আহিছে ধাৰাবাহিক অত্যাচাৰ, উৎপীড়ন । কেৱল অত্যাচাৰেই নহয়, সীমান্তত অসমৰ ভূমিও মিজোৰামে গাৰ জোৰেৰে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত সৰ্বমুঠ ১,৭৭৭.৫৮ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে চুবুৰীয়া ৰাজ্যখনে । মিজোৰাম চৰকাৰে সকলো দোষ অসমৰ ওপৰত জাপি দি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ কাষ চপা কাৰ্য তাৎপৰ্যপূৰ্ণ । মিজোৰাম চৰকাৰৰ এই কাৰ্যই অসমৰ সীমান্তৱৰ্তী লোকৰ লগতে ৰাজ্যৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.