ETV Bharat / bharat

Mizoram Elections 2023: নিৰ্বাচনত কৰ্তব্য পালন কৰিবলৈ আহি মৃত্য়ুক সাৱটিলে সেনা জোৱানে

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:50 AM IST

মিজোৰাম বিধানসভা নিৰ্বাচনত কৰ্তব্য পালন কৰিবলৈ আহি অকাল মৃত্যুক সাৱটিলে সেনা-জোৱানে ৷ মৃত জোৱানজন তৃতীয় মিজোৰাম সশস্ত্ৰ আৰক্ষী বাহিনীৰ কনিষ্টবল জেড লামুআনজুয়ালা বুলি চিনাক্ত ৷ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব জোৱানজনৰ ৷

Mizoram Elections 2023
নিৰ্বাচনত কৰ্তব্য পালন কৰিবলৈ আহি মৃত্য়ু সাৱতিলে সেনা জোৱানে

নিউজ ডেস্ক, 6 নৱেম্বৰ: মিজোৰামৰ চোৱাংটে গাঁৱৰ দুৰ্গম উদালথানা-1 এলেকাত নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ গৈ দেওবাৰে অকাল মৃত্যুক আঁকোৱালি লয় এজন জোৱানে ৷ নিহত জোৱানজন ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নৰ কনিষ্টবল জেড লামুআনজুয়ালা বুলি জানিব পৰা হৈছে ৷ নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ যোৱাৰ সময়তে অকাল মৃত্যুক আঁকোৱালি লয় জোৱানজনে ৷

জানিব পৰা মতে, কনিষ্টবল জেড লামুআনজুয়ালা তৃতীয় মিজোৰাম সশস্ত্ৰ আৰক্ষী বাহিনীৰ অধীনত কৰ্মৰত আছিল ৷ তেওঁ সহকৰ্মী তথা কনিষ্টবল জেড লামুয়ানজুয়ালাৰ সৈতে কৰ্মৰ তাগিদাত এখন টাটা ছুম’ৰে টুইচাং অঞ্চলৰ জাৰুলছুৰী ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । MZ-07-2427 পঞ্জীয়ন নম্বৰৰ বাহনখন গৈ থকা সময়তে পাহাৰীয়া পথটোত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷

জানিব পৰা মতে, নিহত জোৱান জেড লামুআনজুয়ালা লংটলাই চানমাৰীৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷ তেওঁ 2008 চনত তৃতীয় মিজোৰাম সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল হিচাপে যোগদান কৰিছিল ৷ জেড লামুআনজুয়ালাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচত তেওঁ মৃতদেহ স্বগৃহলৈ অনা হ’ব আৰু ইয়াৰ পাচতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷

উল্লেখ্য যে, 7 নৱেম্বৰ অৰ্থাৎ মঙলবাৰে মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ মিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ দেওবাৰৰ পৰা জিলাখনলৈ কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীৰ সৈতে ভোটিং মেচিন প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ মাজতেও দেওবাৰে ৰাজ্যখনলৈ কৰ্তব্য পালনৰ বাবে অহা সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় কনিষ্টবল জেড লামুআনজুয়ালাৰ ৷

লগতে পঢ়ক: Mizoram Assembly polls 2023 : মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.