ETV Bharat / bharat

কনিষ্টবলৰ কোঠাত উদ্ধাৰ সন্ধানহীন কিশোৰী, নিলম্বিত কনিষ্টবল

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 2:03 PM IST

উত্তৰ প্ৰদেশৰ লক্ষ্নৌত কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ সন্ধানহীন কিশোৰীক উদ্ধাৰ কৰা হৈছে চুবুৰীয়া কনিষ্টবলৰ কোঠাত ৷

Missing teenager found in constable room
কনিষ্টবলৰ কোঠাত উদ্ধাৰ সন্ধানহীন কিশোৰী, নিলম্বিত কনিষ্টবল

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লক্ষ্নৌত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ চহৰখনৰ সাদাতগঞ্জ তাল কাটোৰা আৰক্ষী থানাত নিয়োজিত কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ সন্ধানহীন কিশোৰীক উদ্ধাৰ কৰা হৈছে চুবুৰীয়া কনিষ্টবলৰ কোঠাত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা প্ৰায় 5 বজাত সন্দেহজনক পৰিস্থিতিত এগৰাকী 13 বছৰীয়া কিশোৰী সন্ধানহীন হয় ৷ কিশোৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়ণৰত আছিল ৷ কিশোৰীগৰাকী সন্ধানহীন হৈ পৰাৰ লগে লগে পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ তাৰ পিচতে কিশোৰীগৰাকী চুবুৰীয়া কনিষ্টবল নকুলৰ ঘৰত বাস কৰিছিল ৷

অভিযোগ অনুসৰি, নকুলে বহুদিনৰ পৰা কিশোৰীগৰাকীৰ ওপৰত চকু ৰাখিছিল ৷ এই কথাৰ সন্দেহ কৰিয়েই কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে নকুলৰ দুৱাৰত টোকৰ মাৰি সোমাই যাওঁতে, সন্ধানহীন কিশোৰীটিক উদ্ধাৰ কৰে ৷ কিশোৰীটিৰ পৰিয়ালৰ লোকে নকুলৰ কোঠাত কিশোৰীটিক অসংযত অৱস্থাত বহি থকা প্ৰত্যক্ষ কৰে ৷

তাৰ পাচত পৰিয়ালৰ লোকে কনিষ্টবলজনক ধৰিবলৈ চেষ্টা কৰোঁতেই, কনিষ্টবলজনে ওলোটাই ঠেলি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকক প্ৰহাৰ কৰিছিল ৷ লগে লগে পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত শব্দ শুনি চাৰিওফালৰ লোকসকল গোট খাইছিল ৷ ইয়াৰ পিচত, পৰিয়ালৰ লোকে কনিষ্টবলজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত আৰক্ষী থানাত উপস্থিত হয় ৷ কনিষ্টবলজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিচতে ততালিকে আৰক্ষীয়ে অভিযুক্ত কনিষ্টবল নকুলক নিলম্বিত কৰাৰ লগতে গোপনে কাৰাগাৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

ডিচিপি ৰাহুল ৰাজে ঘটনা সন্দৰ্ভত কয় যে, এই খবৰৰ তথ্য লাভ কৰাৰ পিচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল ৷ এই ঘটনাত নকুলৰ লগত অন্য এজন কনিষ্টবলো জড়িত আছিল ৷ যদিও এই ঘটনাৰ পিচতে অন্য কনিষ্টবলজন পলায়ন কৰিছিল ৷ সম্প্ৰতি দুই কনিষ্টবলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ কনিষ্টবল নকুলক নিলম্বন কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: স্বামীক ফোনত নাপাই পালেহি স্বামীৰ কোঠা, প্ৰেয়সীৰ সৈতে ধৰা পেলালে স্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.