ETV Bharat / bharat

Violence hit Manipur : আকৌ ৰক্তাক্ত মণিপুৰ; দুৰ্বৃত্তৰ গুলীত মহিলাসহ নিহত 9, আহত 15

author img

By

Published : Jun 14, 2023, 10:30 AM IST

বৰ্তমানেও অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতি ৷ পুনৰ দুবৃৰ্ত্তই চলোৱা গুলীত নিহত হ’ল 9 জন লোক ৷ এটা গীৰ্জাত দুবৃৰ্ত্তই চলাইছিল গুলী ৷ গুলীচালনাৰ ফলত প্ৰায় 15 জন লোক আহত ।

Violence hit Manipur
অশান্তজৰ্জৰ মণিপুৰ

নেশ্যনেল ডেস্ক, 14 জুন : বৰ্তমানেও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ ৷ পুনৰ মঙলবাৰৰ নিশা ৰক্তাক্ত হ’ল মণিপুৰৰ ভূমি ৷ জানিব পৰা মতে, মণিপুৰৰ এটা গীৰ্জাত দুৰ্বৃত্তই গুলীচালনা কৰে । দুষ্কৃতিকাৰীয়ে চলোৱা গুলীচালনাত মহিলাসহ 9 জন লোক নিহত হয় বুলি জানিবলৈ পৰা গৈছে ৷

ইয়াৰ লগতে 15 জন লোক আহত হয় বুলি জানিব পৰা গৈছে । মঙলবাৰৰ নিশা পূৱ ইম্ফলৰ খামেনলকৰ এটা গীৰ্জাত দুৰ্বৃত্তই সংঘটিত কৰে এই গুলীচালনা । কূটাঘাত সংঘটিত কৰা গীৰ্জাঘৰটোত 25 জনতকৈ অধিক লোক আছিল বুলি জানিবলৈ পৰা গৈছে ।

বৰ্তমান ইম্ফলৰ ৰাজ মেডিচিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহত লোকসকলক । মণিপুৰৰ চৰকাৰৰ জনসম্পৰ্ক বিষয়া হেইছনাম বালাকৃষ্ণনে ইটিভি ভাৰতৰ আগত নিশ্চিত কৰিছে এই তথ্য ৷ এই ঘটনাত কুকি উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, সোমবাৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা ৷ পূৱ ইম্ফল জিলাৰ সাগোলমাং থানাৰ অন্তৰ্গত নংছুম গাঁৱত এই গুলীয়াগুলীৰ ঘটনা ৷ এই গুলীয়াগুলীৰ ঘটনাত 9 জন লোক আহত যদিও পৰৱৰ্তী সময়ত এজন চিকিৎসাধীন অৱস্থাত এজন লোকৰ মৃত্যু হয় ৷ পুৱা প্ৰায় 10 বজাত নোংছুম গাঁৱৰ দিশত প্ৰথমে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে বুলি স্থানীয় সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে, চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ কেইবাটাও সাহায্য শিবিৰ সোমবাৰে পৰিদৰ্শন কৰে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে ৷ ইয়াৰোপৰি, ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে । ৰাজ্যপালগৰাকীয়ে স্থানান্তৰিত হোৱা লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস আগবঢ়ায় ।

লগতে পঢ়ক : Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.