ETV Bharat / bharat

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি হ'ব টীকাকৰণৰ বাবে সজাগতা

author img

By

Published : Jun 20, 2021, 9:35 AM IST

দেশজুৰি একাংশ লোকে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বাধা হিচােপ থিয় দিছে । গ্ৰামাঞ্চল আদিত বিয়পাইছে বহু উৰাবাতৰি । সেয়ে দেশৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দেশত ২১ জুনৰ পৰা আৰম্ভ কৰিব সজাগতা অভিযান । ৰাজ্যিক হজ কমিটী, ৱাকফ ব'ৰ্ড, তেওঁলোকৰ সহযোগী সংগঠন, কেন্দ্ৰীয় ৱাকফ পৰিষদ, মৌলানা আজাদ শিক্ষা ফাউণ্ডেচন, বিভিন্ন সামাজিক আৰু শিক্ষানুষ্ঠান, বেচৰকাৰী সংগঠন, মহিলা আত্ম-সহায়ক গোট আদিৰ সহযোগত হ'ব এই অভিযান ।

Mukhtar Abbas Naqvi
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি হ'ব টীকাকৰণৰ বাবে সজাগতা

নেশ্যনেল ডেস্ক, 20 জুন : ক'ভিড সজাগতাৰ বাবে অহা ২১ জুনৰ পৰা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে (minority affairs ministry) দেশত আৰম্ভ কৰিব এক বিশেষ সজাগতা অভিযান । কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি (Mukhtar Abbas Naqbi)য়ে শনিবাৰে কোৱা মতে গ্ৰাম্য অঞ্চলত ক'ভিডৰ বিৰুদ্ধে টীকাকৰণ কৰাৰ বাবে এই অভিযান চলাব । মন্ত্ৰীগৰাকীৰ মতে "জান হে তো জাহান হে"(Jaan Hai To Jahaan Hai) কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰালয়ে বিভিন্ন সামাজিক-শৈক্ষিক সংগঠন, বেচৰকাৰী সংগঠন আৰু মহিলা আত্ম সহায়ক গোটৰ সৈতে ২১ জুনত সজাগতা অভিযান আৰম্ভ কৰিব । উত্তৰ প্ৰদেশৰ সংখ্যালঘু অধ্যুষিত ৰামপুৰ জিলাৰ পৰা দেশজুৰি এই সজাগতা অভিযান আৰম্ভ হ'ব ।

মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত উল্লেখ কৰা মতে দেশৰ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলত টীকাকৰণকলৈ কিছুমান উৰাবাতৰি প্ৰচাৰ হোৱা দেখা গৈছে । সেই উৰাবাতৰিসমূহ দূৰ কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে বিভিন্ন ধৰ্মীয় নেতা, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, চিকিৎসা, বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে টীকাকৰণৰ বাবে জনসাধাৰণলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিব। তেওঁ কোৱা মতে এই অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে বাটৰ নাটকৰো আয়োজন কৰা হ'ব ।

উৰাবাতৰি বিয়পোৱা সকলক মন্ত্ৰীগৰাকীয়ে "স্বাস্থ্য আৰু কল্যাণৰ শত্ৰু" বুলি অভিহিত কৰে । তেওঁৰ মতে ভাৰতত নিৰ্মিত দুটাকৈ প্ৰতিষেধক বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল লগতে ই বৈজ্ঞানিকভাৱে প্ৰমাণিত আৰু সুৰক্ষিত । কৰ'ণা ভাইৰাছক পৰাস্ত কৰিবলৈ একমাত্ৰ এই প্ৰতিষেধক একমাত্ৰ উপায় বুলিও তেওঁ উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যিক হজ কমিটী, ৱাকফ ব'ৰ্ড, তেওঁলোকৰ সহযোগী সংগঠন, কেন্দ্ৰীয় ৱাকফ পৰিষদ, মৌলানা আজাদ শিক্ষা ফাউণ্ডেচন, বিভিন্ন সামাজিক আৰু শিক্ষানুষ্ঠান, বেচৰকাৰী সংগঠন, মহিলা আত্ম-সহায়ক গোট, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ''নই ৰোশনি''(Nai Roshni) আঁচনিৰ অধীনত হ'ব এই অভিযান । দিল্লীৰ জামা মছজিদৰ শ্বাহি ইমাম চৈয়দ আহমেদ বুখাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ধৰ্মীয় নেতা আৰু বিশিষ্ট লোক, ফতেহপুৰী মছজিদৰ ইমাম মুফতি মকাৰম আহমদ, জৈন গুৰু আচাৰ্য লোকেশ মুনি আৰু দিল্লী শিখ গুৰুদ্বাৰৰ পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছা এই অভিযানৰ অংশ হ'ব ।

মন্ত্ৰীগৰাকীৰ মতে দেশৰ বহু ধৰ্মীয় গুৰু, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তাৰিক মনচুৰ, বিভিন্ন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মীয় নেতা, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ তাৰকাসকলেও এই অভিযানত অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক:২০২২ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাফেলৰ অন্তৰ্ভূক্তিকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.