নেশ্যনেল ডেস্ক , 23 ছেপ্টেম্বৰ : সভ্য সমাজক লজ্জানত কৰি 30 জনকৈ লোকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা ৷ থানে জিলা(Thane district)ত এই দলৱদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৷ এগৰাকী নাবালিকাক 30 জনকৈ লোকে ধৰ্ষণ কৰা এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত 22 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
বাকী অভিযুক্ত সকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ অভিযুক্তৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও আৰক্ষীয়ে সম্ভাৱনা ব্যক্ত কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, থানে অঞ্চলৰ নাবালিকাগৰাকীৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল ৷ নাবালিকগৰাকীৰ সৈতে সম্পৰ্ক থকা যুৱকজনেই এই ঘটনাৰ আঁৰৰ মূল অভিযুক্ত বুলি জানিব পৰা গৈছে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, প্ৰায় 30 জন লোকে মিলি ছোৱালীজনীক ব্লেকমেইল আৰু অত্যাচাৰ কৰিছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : ৰহাৰ ফুলগুৰিত 13 বছৰীয়া নাবালিকাক ধৰ্ষণ