আগৰতলা,৪ জানুৱাৰী : ত্ৰিপুৰাত এম বি বি বিমানবন্দৰৰ নৱ নিৰ্মিত টাৰ্মিনেল ভৱন মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM modi inaugurates MBB airport terminal)। অত্যাধুনিক টাৰ্মিনেল ভৱন মুকলিৰ পাছতে ৰাজ্যখনৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ দাবী ত্ৰিপুৰা হৈছে দেশৰ দ্ৰুত উন্নয়নমূলক ৰাজ্যসমূহৰ ভিতৰত অন্যতম । বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে (Minister Sushanta Chowdhury praises central government)।
ৰাজ্যখনৰ তিনিটা নতুন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ নতুন টাৰ্মিনেল মুকলি কৰি উত্তৰ-পূৰ্বাঞ্চল লগতে ইয়াৰ জনসাধাৰণৰ বাবে এক বৃহৎ সকাহ দিলে । অনাগত দিনত ভিন্ন ৰাজ্যৰ লগতে দেশৰ বাহিৰৰ বিমানেও তাত অৱতৰণ কৰিব পাৰিব । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে পূৰ্বে ত্ৰিপুৰাৰ বিষয়ে কম মানুহে জানিছিল । ৰাজ্যখন উন্নয়নৰ দিশত বহুত পিছ পৰা আছিল ।
কিন্তু বৰ্তমান উন্নয়নৰ দিশত বাকী ৰাজ্যৰ সৈতে ত্ৰিপুৰাই প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ দাবী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিয়ে লাভ কৰিছে ।
মন্ত্ৰী সুশান্তই কয় যে প্ৰধানমন্ত্ৰী মোডীৰ আশীৰ্বাদত ত্ৰিপুৰাই ভাৰতৰ উন্নয়নশীল ৰাজ্যসমূহৰ মাজত এক অনন্য উদাহৰণ দাঙি ধৰি উন্নয়নৰ ক্ষেত্ৰত এক ভাল স্থান দখল কৰিছে । স্বামী বিবেকানন্দ খেলপথাৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে খেলপথাৰখনত অসংখ্য ৰাজহুৱা সভা অনুষ্ঠিত হৈছে আৰু ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বহু ইতিহাসৰ সাক্ষী খেলপথাৰখন । প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা মুখ্যমন্ত্ৰীৰ গ্ৰাম সমৃদ্ধি যোজনাৰ প্ৰশংসা কৰি তেওঁ কয় যে এই আঁচনিয়ে ত্ৰিপুৰাৰ অৰ্থনীতিক উন্নয়ন সম্ভৱ হ'ব ।
লগতে পঢ়ক :PM Modi visit to Tripura today : নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা