ETV Bharat / bharat

বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হ'ব ভাৰত: মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

সদনত বৈদ্যুতিক বাহন(Electric vehicle) নিৰ্মাণৰ প্ৰসংগ উত্থাপন । ৰাজ্যসভা(Rajya Sabha)ত গধুৰ উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে(Dr Mahendra Nath Pandey)ই কয় যে, ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব ।

author img

By

Published : Aug 2, 2021, 7:14 PM IST

Minister Dr Mahendra Nath Pandey on electric vehicle production
সদনত বৈদ্যুতিক বাহন নিৰ্মাণৰ প্ৰসংগ উত্থাপন

নেশ্যনেল ডেস্ক, ২ আগষ্ট: ইন্ধনৰ বৰ্ধিত মূল্যই বৰ্তমান বৈদ্যুতিক বাহন(Electric vehicle)ৰ প্ৰয়োজনীয়তাৰ বিষয়ে এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰাইছে । সম্প্ৰতি সদনৰ মজিয়াতো এয়া এক আলোচ্য বিষয় হৈ পৰিছে । ৰাজ্যসভাত প্ৰশ্নোত্তৰ কালত গধুৰ উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে(Dr Mahendra Nath Pandey)ই কয় যে, ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব । ৰাজ্যসভাৰ সাংসদ এম থম্বি দুৰায়ে বৈদ্যুতিক বাহন নিৰ্মাণ কেন্দ্ৰ বিকশিত কৰা আঁচনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল ।

তেতিয়াই মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেই বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ সন্দৰ্ভত নিজৰ চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে, বিভাগটোৰ লক্ষ্য হৈছে ভাৰতক বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা । অ'লা(OLA)ৰ দৰে বিভিন্ন কোম্পানীয়ে এই কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে এক লাখতকৈও অধিক বাহন বুকিং কৰা হৈছে । ইন্ধনৰ বৰ্ধিত মূল্যৰ পৰা ৰক্ষা পোৱাৰ লগতে এই পদক্ষেপে নিযুক্তিৰ ক্ষেত্ৰতো সহায়ক হিচাপে পৰিগণিত হ'ব ।

লগতে চৰকাৰেও ইয়াৰ পৰা লাভান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । বিজেপিৰ সাংসদ আলফনচ কন্নামথানামে চাৰ্জিং ষ্টেচনৰ ৰোডমেপৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ড০ মহেন্দ্ৰই কয় যে, কেন্দ্ৰই হাইব্ৰীড আৰু বৈদ্যুতিক বাহনৰ দ্ৰুত গ্ৰহণ আৰু নিৰ্মাণ প্ৰকল্প(FAME)ৰ জৰিয়তে চাৰ্জিং ষ্টেচন স্থাপনৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আহিছে ।

ইতিমধ্যে চণ্ডিগড় আৰু দিল্লীত বহুতো চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে । FAME-1 আৰু FAME-2 প্ৰকল্পৰ অধীনত বৈদ্যুতিক বাছসমূহক ইনচেণ্টিভ দিয়া হৈছে । এই উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । বৈদ্যুতিক বাহন নিৰ্মাণৰ বাবে বিদেশী কোম্পানীৰ বিনিয়োগ সন্দৰ্ভত তেওঁ বিজেপি সাংসদ ড০ অশোক বাজপালৰ প্ৰশ্নৰো উত্তৰ দিয়ে ।

ইফালে, বিৰোধী দলে সেই সময়তে হূলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে । লগতে শ্ল'গান দিয়া কাৰ্যও অব্যাহত ৰাখে । উল্লেখ্য যে, বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই বিৰোধী দলবোৰে পেগাচাছ , কৃষি আইন, ক'ভিড সংকটৰ আদিক লৈ সদনত শ্ল'গান দি আহিছে আৰু চৰকাৰক সমালোচনা কৰি আহিছে ।

লগতে পঢ়ক:শ্মশানৰ পূজাৰীলৈ কিশোৰী হত্যাৰ সন্দেহৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.