ETV Bharat / bharat

ত্ৰিপুৰাৰ বিভিন্ন আঁচনি সম্পৰ্কে পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বিশ্বেশ্বৰ টুডুৰ - ত্ৰিপুৰাৰ ৰাজ্যিক অতিথিশালাত পৰ্যালোচনা সভা

ত্ৰিপুৰাত উপস্থিত জল শক্তি আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডু (Central minister Bishweswar Tudu in Tripura) । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকে । খোৱাপানী আৰু অনাময় ব্যৱস্থা, জল সম্পদ, স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ, জনজাতীয় কল্যাণ বিভাগ আদিকে ধৰি বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

Agartala
ত্ৰিপুৰাৰ বিভিন্ন আঁচনি সম্পৰ্কে পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বিশৱেশ্বৰ টুডুৰ
author img

By

Published : Apr 13, 2022, 12:29 PM IST

আগৰতলা, ১৩ এপ্ৰিল : খোৱাপানীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে (Government implemented schemes to solve drinking water problem) । সেই আঁচনিসমূহ ৰাইজলৈ মাজলৈ অনা ত্ৰিপুৰা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes steps to solve drinking water problem) । এই মন্তব্য জল শক্তি আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৰ (Central minister Bishweswar Tudu in Tripura) ।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁৰ মতে, চৰকাৰৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় আঁচনিসমূহৰ সুবিধা জনসাধাৰণক প্ৰদান কৰা । তেওঁ খোৱাপানী আৰু অনাময় ব্যৱস্থা, জল সম্পদ, স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ, জনজাতীয় কল্যাণ বিভাগ আদিকে ধৰি বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে (Minister Bishweswar Tudu reviewed various schemes in Tripura) ।

সাংসদ ৰেৱতী ত্ৰিপুৰা, ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ, প্ৰধান সচিব পুনীত আগৰৱালা, সচিব কিৰণ গীতে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ।

মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে, বিভিন্ন বিভাগে জনসাধাৰণক কেন্দ্ৰীয় আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ সহযোগিতাৰে কাম কৰিব লাগিব । বৈঠকত খোৱাপানী আৰু অনাময় বিভাগৰ মুখ্য অভিযন্তা ৰাজীব দেৱবৰ্মাই জানিবলৈ দিয়া মতে, ১০ মাৰ্চলৈকে ৰাজ্যখনৰ ৩ লাখ ৮১ হাজাৰ ১১৫ টা পৰিয়ালক পানীৰ টেপৰ সংযোগৰ জৰিয়তে বিনামূলীয়া খোৱাপানীৰ সংযোগ প্ৰদান কৰা হয় । ইয়াৰ জৰিয়তে ৫০.১৪ শতাংশ পৰিয়াল উপকৃত হৈছে ।

২০১৯ চনৰ ১৪ আগষ্টত জল জীৱন মিছন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যখনৰ মাত্ৰ ৩.২২ শতাংশ পৰিয়ালেলৈ খোৱাপানীৰ যোগান ধৰা হৈছিল । তেওঁ লগতে জনায় যে, ৰাজ্যখনৰ ৭৪.৮৬ শতাংশ বিদ্যালয় আৰু ৫২.৭৫ শতাংশ অংগনবাদী কেন্দ্ৰত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে ।

বিষয়টোত মন্ত্ৰীগৰাকীয়ে কয় যে, সংশ্লিষ্ট বিভাগে চাব লাগিব যাতে খোৱাপানীৰ অপচয় নহয় । তেওঁ ডিডব্লিউএছ (DWS) আৰু শক্তি বিভাগকো সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ সংশ্লিষ্ট বিভাগসমূহক বিশেষ মনোযোগ দি কাম কৰিবলৈ আহ্বান জনায়, যাতে খোৱাপানীৰ সুবিধা ভিতৰুৱা অঞ্চলৰ লোকসকলেও লাভ কৰিব পাৰে ।

লগতে পঢ়ক : উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.