ETV Bharat / bharat

পঞ্চভূতত বিলীন হ’ল 'flying sikh'

author img

By

Published : Jun 19, 2021, 8:06 PM IST

পঞ্চভূতত বিলীন হ’ল 'flying sikh' খ্যাত মহান ক্ৰীড়াবিদ মিলখা সিং(Milkha Singh) ৷ সম্পূৰ্ণ ৰাজকীয় সন্মানেৰে চণ্ডীগড়ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় মহান দৌৰবিদ গৰাকীৰ ৷ শুকুৰবাৰে নিশা 11.30 বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল ক্ৰীড়াবিদগৰাকীয়ে ৷

পঞ্চভূতত বিলীন হ’ল 'flying sikh'
পঞ্চভূতত বিলীন হ’ল 'flying sikh'

নেচনেল ডেস্ক, 19 জুন : পঞ্চভূতত বিলীন হ’ল 'flying sikh' খ্যাত মহান ক্ৰীড়াবিদ মিলখা সিং(Milkha Singh) ৷ সম্পূৰ্ণ ৰাজকীয় সন্মানেৰে চণ্ডীগড়ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় 'ফ্লাইং শিখ’ (flying sikh) ৰ ৷ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সোণৰ পদক অৰ্জন কৰা দৌৰবিদ মিলখা সিং(Milkha Singh) এ চণ্ডীগড় পিজিআই(Chandigarh PGI) ত শুকুৰবাৰে নিশা 11.30 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া চণ্ডীগড় চেক্টৰ-25 ৰ শ্মশানত সম্পন্ন কৰা হয় ৷ 91 বছৰ বয়সত সিঙে শেষ নিশ্বাস ত্যাগ কৰে ৷ এইগৰাকী মহান ক্ৰীড়াবিদৰ মৃত্যুৱে এতিয়া শোকাহত কৰি তুলিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ দেশবাসীয়ে এতিয়া মিলখা সিঙক জনাইছে অন্তিম শ্ৰদ্ধাঞ্জলি ৷

কিংবদন্তি দৌৰবিদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ক্ৰীড়ামন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বহুলোকে শোক প্ৰকাশ কৰিছে ।

মাজতে কিছু সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল 'দ্যা ফ্লাইং শিখ'(The Flying Sikh) খ্যাত মিলখা সিঙক । ৯১ বছৰীয়া মিলখা সিং প্ৰায় এমাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল । কিন্তু নিয়তিয়ে শুকুৰবাৰে নিশা ক্ৰীড়াবিদগৰাকীক পৰিয়াল তথা অনুৰাগীৰ মাজৰ পৰা কাঢ়ি লৈ যায় ।

লগতে পঢ়ক: 'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.