ETV Bharat / bharat

কংগ্ৰেছ ত্যাগ কৰি শিৱসেনাৰ সিন্দে গোটত বিলীন মিলিন্দ দেওৰা

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 8:03 PM IST

Milind Deora joins Eknath Shinde's Shiv Sena: কংগ্ৰেছ এৰি শিৱসেনাৰ সিন্দে গোটত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিলিন্দ দেওৰাই ৷ সামাজিক মাধ্যম X ত কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰে এসময়ৰ গান্ধী পৰিয়ালৰ ঘণিষ্ঠ দেওৰাই ৷

milind deora quits congress to join eknath shindes shiv sena
কংগ্ৰেছ ত্যাগ কৰি শিৱসেনাৰ সিন্দে গোটত যোগদান মিলিন্দ দেওৰাৰ

নিউজ ডেস্ক, 14 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলত্যাগৰ ধুমুহাই বিধ্বস্ত কৰিছে কংগ্ৰেছ দলক ৷ দেওবাৰে কংগ্ৰেছ দল ত্যাগ কৰি শিৱসেনাৰ সিন্দে গোটত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিলিন্দ দেওৰাই ৷ সামাজিক মাধ্যম X ৰ যোগে এই ঘোষণা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দেওৰাই ৷

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন উপস্থিত হৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বধীন শিৱসেনাত যোগদান কৰে মিলিন্দে ৷ উল্লেখ্য যে, দেওৰা পৰিয়ালক গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল ৷ দেওৰাই 2012-14 চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ দক্ষিণ মুম্বাই সমষ্টিৰ পৰা সাংসদ হৈ আছিল ৷

দল ত্যাগৰ সন্দৰ্ভত X ৰ যোগে মিলিন্দ দেওৰাই কয়, ‘‘আজিৰ দিনটো মোৰ বাবে এক আৱেগিক দিন ৷ মই অতি আৱেগিক, মই কেতিয়াও ভবা নাছিলো যে মই কংগ্ৰেছ এৰি যাম ৷ কিন্তু আজি মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বাধীন দলত যোগদান কৰি কংগ্ৰেছৰ সৈতে ৫৫ বছৰীয়া যি পুৰণি সম্পৰ্ক সেয়া ত্যাগ কৰিলো ৷ মোৰ ৰাজনীতি উন্নয়নমুখী হৈ আহিছে আৰু মই গৌৰৱান্বিত হৈ কওঁ যে একনাথ সিন্দে সকলোৰে উন্নয়নৰ বাবে পৰিশ্ৰমী ৷ সেয়েহে মই তেওঁৰ হাত শক্তিশালী কৰিব বিচাৰো ৷ দুখৰ বিষয় যে মোৰ দেউতাই 1968 চনত যোগদান কৰিছিল কংগ্ৰেছত আৰু 2004 চনত মই যোগদান কৰা কংগ্ৰেছৰ মাজত যথেষ্ট পাৰ্থক্য আছিল ৷’’

As my valued voters, supporters & well-wishers, it is my duty to explain why I have chosen to depart from @INCIndia & align myself with @Shivsenaofc under the leadership of @mieknathshinde Ji. pic.twitter.com/Dj575Z1t8P

— Milind Deora | मिलिंद देवरा ☮️ (@milinddeora) January 14, 2024 ">

যি সময়ত ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ব্যস্ত হৈ আছে ঠিক সেই সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ এৰি শিৱসেনাৰ শিন্দে গোটত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ যোদানে চিন্তাত কৰিছে কংগ্ৰেছক ৷ ইফালে 11 বছৰীয়া সম্পৰ্ক বিচ্ছেদ কৰি অসমত কংগ্ৰেছ দল ত্যাগ কৰিছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰ কংগ্ৰেছত জোকাৰণি, প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাৰ দল ত্যাগ

নিউজ ডেস্ক, 14 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলত্যাগৰ ধুমুহাই বিধ্বস্ত কৰিছে কংগ্ৰেছ দলক ৷ দেওবাৰে কংগ্ৰেছ দল ত্যাগ কৰি শিৱসেনাৰ সিন্দে গোটত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিলিন্দ দেওৰাই ৷ সামাজিক মাধ্যম X ৰ যোগে এই ঘোষণা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দেওৰাই ৷

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন উপস্থিত হৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বধীন শিৱসেনাত যোগদান কৰে মিলিন্দে ৷ উল্লেখ্য যে, দেওৰা পৰিয়ালক গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল ৷ দেওৰাই 2012-14 চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ দক্ষিণ মুম্বাই সমষ্টিৰ পৰা সাংসদ হৈ আছিল ৷

দল ত্যাগৰ সন্দৰ্ভত X ৰ যোগে মিলিন্দ দেওৰাই কয়, ‘‘আজিৰ দিনটো মোৰ বাবে এক আৱেগিক দিন ৷ মই অতি আৱেগিক, মই কেতিয়াও ভবা নাছিলো যে মই কংগ্ৰেছ এৰি যাম ৷ কিন্তু আজি মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বাধীন দলত যোগদান কৰি কংগ্ৰেছৰ সৈতে ৫৫ বছৰীয়া যি পুৰণি সম্পৰ্ক সেয়া ত্যাগ কৰিলো ৷ মোৰ ৰাজনীতি উন্নয়নমুখী হৈ আহিছে আৰু মই গৌৰৱান্বিত হৈ কওঁ যে একনাথ সিন্দে সকলোৰে উন্নয়নৰ বাবে পৰিশ্ৰমী ৷ সেয়েহে মই তেওঁৰ হাত শক্তিশালী কৰিব বিচাৰো ৷ দুখৰ বিষয় যে মোৰ দেউতাই 1968 চনত যোগদান কৰিছিল কংগ্ৰেছত আৰু 2004 চনত মই যোগদান কৰা কংগ্ৰেছৰ মাজত যথেষ্ট পাৰ্থক্য আছিল ৷’’

যি সময়ত ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ব্যস্ত হৈ আছে ঠিক সেই সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ এৰি শিৱসেনাৰ শিন্দে গোটত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ যোদানে চিন্তাত কৰিছে কংগ্ৰেছক ৷ ইফালে 11 বছৰীয়া সম্পৰ্ক বিচ্ছেদ কৰি অসমত কংগ্ৰেছ দল ত্যাগ কৰিছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰ কংগ্ৰেছত জোকাৰণি, প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাৰ দল ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.