ETV Bharat / bharat

তৃণমূলত যোগদানৰ পাছতে মুকুল ৰয়ৰ 'Y+' নিৰাপত্তা প্ৰত্যাহাৰ - Y+ category security

পশ্চিমবংগ বিধানসভা নিৰ্বাচন (West Bengal Legislative Assembly)ৰ প্ৰাকক্ষণত কোনো অজ্ঞাত লোকে ভাবুকি দিয়াৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Ministry of Home Affairs) নেতাগৰাকীক 'ৱাই+' (Y+) শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছিল ৷ ইয়াৰ পাছৰে পৰা দুজন ব্যক্তিগত সুৰক্ষা বিষয়া (PSO) আৰু পাঁচজন সশস্ত্ৰ নিৰাপত্তাৰক্ষীয়ে ৰয়ক ২৪ ঘণ্টা নিৰাপত্তা প্ৰদান কৰি আহিছিল ।

MHA withdraws 'Y+' category security of TMC leader Mukul Roy
তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ৰ 'ৱাই+' নিৰাপত্তা প্ৰত্যাহাৰ
author img

By

Published : Jun 17, 2021, 6:05 PM IST

নিউজ ডেস্ক, 17 জুন : পশ্চিমবংগ (West Bengal) ৰ তৃণমূল কংগ্ৰেছ (Trinamool Congress)ৰ নেতা মুকুল ৰয় (Mukul Roy)ৰ 'ৱাই+' শ্ৰেণীৰ নিৰাপত্তা (Y+ category security ) প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ মুকুল ৰয়ে (Mukul Roy) শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ (BJP) পৰা পুনৰ তৃণমূল কংগ্ৰেছ (Trinamool Congress)ত যোগদান কৰাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Ministry of Home Affairs) তেওঁৰ 'ৱাই+' (Y+) শ্ৰেণীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে ৷

আনহাতে ৰয়ৰ পুত্ৰ শুভ্ৰাংশুৰ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (CISF) সুৰক্ষাও যোৱা সপ্তাহত প্ৰত্যাহাৰ কৰা হৈছিল । মুকুল ৰয়ে তৃণমূল কংগ্ৰেছত পুনৰ যোগদান কৰাৰ পাছত গৃহ মন্ত্ৰালয় (Ministry of Home Affairs)ক তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিবলৈ লিখিত অনুৰোধ জনাইছিল ৷

পশ্চিমবংগ বিধানসভা নিৰ্বাচন (West Bengal Legislative Assembly)ৰ প্ৰাকক্ষণত কোনো অজ্ঞাত লোকে ভাবুকি দিয়াৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Ministry of Home Affairs) নেতাগৰাকীক 'ৱাই+' (Y+) শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছিল ৷ ইয়াৰ পাছৰে পৰা দুজন ব্যক্তিগত সুৰক্ষা বিষয়া (PSO) আৰু পাঁচজন সশস্ত্ৰ নিৰাপত্তাৰক্ষীয়ে ৰয়ক ২৪ ঘণ্টা নিৰাপত্তা প্ৰদান কৰি আহিছিল ।

গৃহ মন্ত্ৰণালয়ে (Ministry of Home Affairs) বুধবাৰে মুকুল ৰয় (Mukul Roy)ৰ নিৰাপত্তা প্ৰত্যাহাৰৰ নিৰ্দেশনা জাৰি কৰিছিল । অৱশ্যে, ৰয়ে ইয়াৰ পূৰ্বে কলকাতাত সংবাদ মাধ্যমৰ আগত তেওঁ ইতিমধ্যে চি আৰ পি এফ (CRPF)ৰ জোৱানসকলক তেওঁৰ নিৰাপত্তাৰ পৰা অব্যাহতি দিছে বুলি জানিবলৈ দিয়ে । কিন্তু চি আৰ পি এফ (CRPF)ৰ মুখ্য কাৰ্যালয়ে কৰ্মচাৰীসকল তেতিয়াও কৰ্তব্যৰত হৈ আছিল বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : আৰ এছ এছৰ বাবেই পশ্চিমবংগ নিৰ্বাচনত সক্ৰিয় নাছিল মুকুল ৰয় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.