ETV Bharat / bharat

Beekeeping in Paramilitary : বৈজ্ঞানিক পদ্ধতিত মৌপালনৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক ব্যৱহাৰৰ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:47 PM IST

ৰোগ প্ৰতিৰোধৰ স্তৰ বৃদ্ধি আৰু তৎক্ষণিক শক্তি প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ চৌহদত বৈজ্ঞানিক মৌপালনৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মৌপালন অভিযানত নিয়োজিত কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ পদক্ষেপৰ ওপৰত বিশদ আলোচনা কৰা হৈছে ৷

Beekeeping in Paramilitary
বৈজ্ঞানিক মৌপালনৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰাৰ পদক্ষেপ

নিউজ ডেস্ক, 4 অক্টোবৰ : দূৰৱৰ্তী অঞ্চল আৰু পাহাৰীয়া অঞ্চলত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), অসম ৰাইফলছ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীক ৰোগ প্ৰতিৰোধৰ স্তৰ বৃদ্ধি আৰু তৎক্ষণিক শক্তি প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ চৌহদত বৈজ্ঞানিক মৌপালনৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

গৃহ সচিব অজয় কুমাৰ ভল্লাই মঙলবাৰে নৰ্থ ব্লকত সংশ্লিষ্ট কৰ্তৃপক্ষৰ এখন বৈঠকত সভাপতিত্ব কৰিছিল আৰু তেওঁলোকক এই বিষয়টো আগুৱাই নিয়াৰ বাবে এটা মডিউল প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ গৃহ মন্ত্ৰালয়েৰ সূত্ৰই কয় যে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মৌপালন ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালকে সভাত উপস্থাপনৰ সময়ত ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷

বৈঠকত চিএপিএফ, অসম ৰাইফলছ, এনএছজি, কৃষি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ৷ সূত্ৰ অনুসৰি বৈঠকত চিএপিএফ, এআৰ আৰু এনএছজিৰ বাবে যোগৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোচনা কৰা হয় ৷ চি.এ.পি.এফ., অসম ৰাইফলছ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীসকলক বৈজ্ঞানিক উপায়েৰে মৌমাখি সংৰক্ষণৰ উপায়ৰ বিষয়ে উৎসাহিত আৰু অৱগত কৰা হ'ব ৷

ৰাষ্ট্ৰীয় মৌপালন আৰু মৌপালন অভিযানৰ (এনবিএইচএম) এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মৌপালন অভিযানত নিয়োজিত কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ পদক্ষেপৰ ওপৰত বিশদ আলোচনা কৰা হৈছে ৷ ইয়াৰ ওপৰত ভাষণ দি আয়ুষৰ বিজ্ঞানী ড০ ভি কে শ্বাহীয়ে কয়, "বিশুদ্ধ মৌ সেৱন দুৰ্গম আৰু উচ্চ উচ্চতাৰ অঞ্চলত নিয়োজিত হোৱা জোৱানসকলৰ বাবে অতিশয় উপকাৰী হ'ব। ই ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰিব।"

ডাঃ শ্বাহীয়ে কয়, ‘মৌৱে তৎক্ষণাত শক্তি প্ৰদান কৰাৰ উপৰিও শৰীৰত কাৰ্বহাইড্ৰেট পাছ কৰিব, যিটো উচ্চ উচ্চতা আৰু দুৰ্গম অঞ্চলত নিয়োজিত জোৱানসকলৰ বাবে অতি প্ৰয়োজনীয়।'

গৃহ মন্ত্ৰালয়ৰ এই নতুন পদক্ষেপত অৱশ্যে একাংশ লোকে উদ্বেগো প্ৰকাশ কৰিছে ৷ "কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাহিনীসমূহৰ ওপৰত এনে প্ৰচাৰমূলক প্ৰকল্প জাপি দিয়াটো এটা নিয়মত পৰিণত হৈছে, যিবোৰ কাৰ্যকৰী কৰিবলৈ আনকি ন’ডেল বিভাগ বা মন্ত্ৰালয় বৰ বেছি আগ্ৰহী নহয়। আজিকালি আমাক যিটো কামত নিযুক্তি দিয়া হৈছে তাৰ বাহিৰে আন সকলো কাম কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে।"- সীমান্ত সুৰক্ষা বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই এনেদৰে অভিযোগ কৰে।

অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি কে খান্নাই কয় যে অৰ্ধসামৰিক বাহিনীক তেওঁলোকৰ মূল নিৰাপত্তাৰ কৰ্তব্যৰ বাবে ব্যৱহাৰ কৰা উচিত ৷ ব্ৰিগেডিয়াৰ খান্নাই কয় যে যদি চৰকাৰে তেওঁলোকৰ শক্তি আৰু সময় মৌমাখি সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে কেনেকৈ নিৰাপত্তাৰ বিষয়ত মনোনিৱেশ কৰিব পাৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী ইতিমধ্যে জনশক্তিৰ নাটনিৰ সন্মুখীন হৈ আহিছে যিটো চৰকাৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে ৷

অসম ৰাইফলছ এক্স চাৰ্ভিচমেন এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক তুলসী নাইৰে কয় যে, “যি সময়ত তেওঁলোকৰ মূল কামৰ উপৰিও সহায়ক কৰ্তব্য পালন কৰিবলৈ ইতিমধ্যে অতিৰিক্ত দায়িত্ব দিয়া হৈছে, সেই সময়ত নিৰাপত্তাৰক্ষীসকলক বৃক্ষৰোপণ আৰু মৌপালনৰ দৰে অসংলগ্ন কামত লিপ্ত কৰাবলৈ কিয় প্ৰয়োজন?”

তেওঁ কয়, "আনকি নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলেও অৱসৰৰ পিছৰ লাভালাভৰ বাবে তেওঁলোকৰ ৰাজনৈতিক বিষয়াসকলক সন্তুষ্ট কৰিবলৈ প্ৰচাৰমূলক আঁচনি ৰূপায়ণৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত সহজে সন্মত হয়।"

লগতে পঢ়ক : Kharge Appealed To PM Modi : মণিপুৰলৈ যাবলৈ ভয় কিয় ? প্ৰধানমন্ত্ৰীক আক্ৰমণ খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.