নেশ্যনেল ডেস্ক,২৭ জুন : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সংঘাত অব্যাহত আছে । যি সময়ত দিল্লী চৰকাৰে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে যুঁজ দি আছে সেই সময়তে গৃহ মন্ত্ৰালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লীত থকা বাসগৃহৰ মেৰামতিৰ কম্পট্ৰ'লাৰ এণ্ড অডিটৰ জেনেৰেল চমুকৈ কেগৰ দ্বাৰা এক বিশেষ অডিটৰ বাবে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাৰ প্ৰস্তাৱক সেউজ সংকেত দিছে ।
ৰাজ নিৱাসৰ বিষয়াসকলে কোৱা মতে কেজৰিৱালৰ বাসগৃহৰ পুনৰ নিৰ্মাণত অনিয়ম আৰু উলংঘনৰ অভিযোগত কেগয়ে এক বিশেষ অডিট কৰিব । লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা মতে গৃহ মন্ত্ৰালয়ে ২৪ মে'ত লাভ কৰা এখন পত্ৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কেগ অডিটৰ পৰামৰ্শ দিছে ।
পত্ৰখন লেফটেনেণ্ট গভৰ্ণৰ কাৰ্যালয়ৰ পৰা পোৱা গৈছিল আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ পুনৰ নিৰ্মাণত বিত্তীয় অনিয়ম দেখুওৱা হৈছিল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা শাসনাধিষ্ঠ আম আদমি পাৰ্টীৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই । সচিবালয়ে দিল্লীৰ চিভিল লাইনছৰ ওচৰৰ ফ্লেগ ষ্টাফ ৰোডৰ ৬ নং কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি অডিটৰ বাবে ২৪ মে'ত গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।
অভিযোগ কৰা হৈছিল যে কেজৰিৱালৰ বাসগৃহ পিডব্লিউডিৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ সৈতে মিলি ব্যাপক অনিয়মৰ সৈতে পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ কাৰ্যৰ প্ৰাৰম্ভিক ব্যয় আছিল ১৫-২০ কোটি টকা । অৱশ্যে, পাছত বাসগৃহটোৰ প্ৰাৰম্ভিক ব্যয় ৫৩ কোটি আছিল বুলি অভিযোগ উঠিছিল । যাক লৈ বিজেপিয়ে কেজৰিৱালক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল ।
আনহাতে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধেও কেজৰিৱালে যুঁজ অব্যাহত ৰাখিছে । কেজৰিৱালে ইতিমধ্যে বিভিন্ন বিৰোধী দলৰ সমৰ্থনো লাভ কৰিছে । অৱশ্যে কংগ্ৰেছে এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আগন্তুক অধিৱেশনৰ পূৰ্বে কংগ্ৰেছে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব ।
লগতে পঢ়ক :Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত