ETV Bharat / bharat

Shiv Sena Foundation Day : উদ্ধৱ আৰু সিন্দে গোটৰ মাজত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ

author img

By

Published : Jun 19, 2023, 2:14 PM IST

সিন্দে গোটে লগোৱা হৰ্ডিঙত প্ৰয়াত প্ৰতিষ্ঠাপক বাল থাকৰেৰ লগতে তেওঁৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰয়াত আনন্দ দিঘেৰ ছবি আছিল । হৰ্ডিংবোৰৰ বেকগ্ৰাউণ্ডত মহাৰাষ্ট্ৰৰ মানচিত্ৰৰ সৈতে ছত্ৰপতি শিৱাজী মহাৰাজৰ ফটোও আছিল । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আলোকচিত্ৰও হৰ্ডিঙত দেখুওৱা হৈছে ।

Shiv Sena Foundation Day
Shiv Sena Foundation Day

নিউজ ডেস্ক, ১৯ জুন : সোমবাৰে পালন কৰা হৈছে শিৱসেনাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস । দলটো বিভাজনৰ পিছত এইটো হৈছে দ্বিতীয় প্ৰতিষ্ঠা দিৱস । শিৱসেনাৰ দুটা প্ৰতিদ্বন্দ্বী গোট, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উদ্ধৱ থাকৰেৰ নেতৃত্বত ইয়াৰ প্ৰতিদ্বন্দ্বী শিৱসেনাই (উদ্ধৱ থাকৰে) এই প্ৰতিষ্ঠা দিৱসৰ সুকীয়া সুকীয়াকৈ আয়োজন কৰিছে আৰু দুয়োটা গোটেই নিজ নিজ শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে সিন্দেয়ে গোৰেগাঁৱত এক ৰেলী সম্বোধন কৰিব । আনহাতে, থাকৰেয়ে সোমবাৰে ছিয়নৰ শান্তমুখানন্দ হলত এক অনুষ্ঠান সম্বোধন কৰিব । আনহাতে, প্ৰতিষ্ঠা দিৱসৰ এদিন পূৰ্বে দুয়োপক্ষই দেওবাৰে শিৱসেনাৰ উত্তৰাধিকাৰী বৰ্তাই ৰাখিবলৈ আৰু দাবী কৰিবলৈ এক পোষ্টাৰ যুদ্ধ আৰম্ভ কৰে । সিন্দে গোটে এখন হৰ্ডিং লগায়, য'ত প্ৰয়াত প্ৰতিষ্ঠাপক বাল থাকৰেৰ লগতে তেওঁৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰয়াত আনন্দ দিঘেৰ ছবি আছে । আনহাতে, হৰ্ডিংবোৰৰ বেকগ্ৰাউণ্ডত মহাৰাষ্ট্ৰৰ মানচিত্ৰৰ সৈতে ছত্ৰপতি শিৱাজী মহাৰাজৰ ফটোও আছে ।

ইফালে এমএলচি মনীষা কায়ান্দে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাত যোগদান কৰাৰ পিছত শিৱসেনা (উদ্ধৱ থাকৰে) এক প্ৰবল জোকাৰণিৰ সন্মুখীন হয় । তেওঁ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে অভিযোগ আনি সিন্দে গোটত যোগদান কৰে । তেওঁ দলৰ বিষয়ত মতামত লাভৰ বাবে দলৰ নেতাসকলক পোৱা নাযায় বুলি অভিযোগ কৰে । আনহাতে, কায়ান্দে থাকৰে গোটৰ পুৰুষসকলে মহিলাসকলৰ পৰা ধনদাবী কৰা বুলিও অভিযোগ কৰে ।

আনহাতে, হৰ্ডিঙত মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আলোকচিত্ৰও প্ৰকাশ পাইছে । ইফালে শিৱসেনাৰ (উদ্ধৱ থাকৰে) পোষ্টাৰত প্ৰয়াত বাল থাকৰে, তেওঁৰ পুত্ৰ উদ্ধৱ আৰু নাতি আদিত্যৰ ছবি আছে । মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনৰ ঠিক পূৰ্বে এই পোষ্টাৰ যুদ্ধই শিৱসেনাৰ দুটা গোটৰ মাজৰ প্ৰতিদ্বন্দ্বিতাত মাত্ৰা প্ৰদান কৰিছে ।

উল্লেখ্য, ১৯৬৬ চনৰ ১৯ জুনত প্ৰয়াত বাল থাকৰেয়ে প্ৰতিষ্ঠা কৰা দলটোৱে 'মাৰাঠী মানু'সকলক একত্ৰিত কৰিবলৈ আৰু তেওঁলোকক তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজিবলৈ ক্ষমতা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল । শিৱসেনা গঠনৰ ৫৭ বছৰৰ পিছত বৰ্তমান দুটা ভাগত বিভক্ত হৈছে দলটো । উদ্ধৱ থাকৰেয়ে এজন বিধায়ক আৰু সাতজন সাংসদক নেতৃত্ব দি আছে । আনহাতে, বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দেৰ পক্ষত আছে ৪০ জন বিধায়ক আৰু ১৩ জন সাংসদ ।

সোমবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছে কয় যে একনাথ সিন্দেয়ে বাল থাকৰেৰ উত্তৰাধিকাৰী কঢ়িয়াই আছে । তেওঁ লিখিছে, "প্ৰতিষ্ঠাপক নেতা প্ৰয়াত বাল থাকৰেৰ আদৰ্শ কঢ়িয়াই নিয়াৰ বাবে একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ ।" সিন্দেৰ নেতৃত্বত শিৱসেনাৰ পতাকাত 'ধনু আৰু কাঁড়' প্ৰদৰ্শন কৰাৰ বিপৰীতে থাকৰেৰ শিৱসেনাই (উদ্ধৱ থাকৰে) এটা 'জ্বলন্ত টৰ্চ' ব্যৱহাৰ কৰিছে । ইফালে, উদ্ধৱ থাকৰেয়ে ৱৰ্লি কাৰ্যালয়ত বিজেপি, মোদী, শ্বাহ আৰু ফাড়নাভিছক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :Shivaji Krishnamurthy controversy speech : গ্ৰেপ্তাৰ ডিএমকেৰ বহিষ্কৃত নেতা শিৱাজী কৃষ্ণমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.