ETV Bharat / bharat

Accident in MH: সমৰুদ্ধি এক্সপ্ৰেছৱেৰ দুৰ্ঘটনাত নিহতলৈ 2 লাখ টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:24 PM IST

সমৰুদ্ধি এক্সপ্ৰেছৱেৰ বৈজাপুৰৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতলৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ 2 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে ।

Accident in MH
সমৰুদ্ধি এক্সপ্ৰেছৱেৰ দুৰ্ঘটনাত নিহত

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: শনিবাৰৰ মাজনিশা মুম্বাই-নাগপুৰ সমৰুদ্ধি এক্সপ্ৰেছৱেৰ বৈজাপুৰৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই । এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰি চৰকাৰী খৰচত আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনলৈ নিৰ্দেশ প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ 2 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে ।

মাজনিশা জাম্বৰগাঁও টোল বুথৰ সমীপত এখন টেম্পোৰ খুন্দাত 12 জন লোক নিহত হোৱাৰ লগতে 15 জন আহত হয় । এই আটাইকেইজন যাত্ৰী নাছিক অঞ্চলৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰ্য আৰম্ভ কৰা হয়, মুখ্যমন্ত্ৰীয়েও দুৰ্ঘটনাটো সন্দৰ্ভত তদন্ত কৰাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, এই পৰ্যন্ত সমৰুদ্ধি এক্সপ্ৰেছৱেত মুঠ 729 টা দুৰ্ঘটনা সংঘটিত হৈছে । 262 টা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হয় । এই পৰ্যন্ত 47 টা দুৰ্ঘটনাত 101 জন যাত্ৰীৰ মৃত্যু ঘটিছে । যিয়ে পথটোৰে যাত্ৰা কৰা যাত্ৰীসকলৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি কৰিছে । NCP ৰ সভাপতি শাৰদ পাৱাৰে এই এক্সপ্ৰেছৱেটোত নিৰাপত্তাক অগ্ৰাধিকাৰ দি যাত্ৰীসকলৰ যাত্ৰা আৰামদায়ক কৰি তোলাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে।

উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে X যোগে কয়, "ছত্ৰপতি সম্ভাজী নগৰৰ সমীপত এখন ব্যক্তিগত বাহন আৰু ট্ৰাকৰ খুন্দাত 12 জন লোকৰ মৃত্যু হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক । নিহতসকললৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে ।"

আহত 20 জনৰ ভিতৰত 14 জনক ঘাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কালেক্টৰ আৰু অন্যান্য বিষয়াসকল উপস্থিত হৈ আহতসকলৰ পৰিস্থিতিৰ বুজ লয় । 6 জন আহতক বৈজাপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে চৰকাৰী খৰছত আহতসকলৰ চিকিৎসাৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক: Road accident in MH: মহাৰাষ্ট্ৰত দৰ্শনাৰ্থীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, চাৰিমহীয়া শিশুসহ মৃত্যু 12 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.