ETV Bharat / bharat

Shocking incident in Thane: এডাল সূতাই কাঢ়িলে জীৱন; চিলাৰ মাঞ্জাই কাটিলে বাইক চালকৰ ডিঙি

author img

By

Published : Jan 16, 2023, 12:32 PM IST

মুম্বাইত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা । মটৰ চাইকেলেৰে ঘৰলৈ গৈ থাকোতেই চিলাৰ মাঞ্জাৰে ডিঙি কাটি প্ৰাণ হেৰুৱালে এজন লোকে । বালাচাহেব ঠাকৰে ফ্লাইঅভাৰৰ ওপৰেৰে মটৰ চাইকেলেৰে যাত্ৰা কৰাৰ পিছতেই সংঘটিত হ'ল এই ঘটনাটো (Balasaheb Thackeray flyover) । আৰক্ষীয়ে ইতিমধ্য়ে আৰম্ভ কৰিছে তদন্ত ।

Shocking incident in Thane
চিলাৰ মাঞ্জাই কাটিলে বাইক চালকৰ ডিঙি

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: চৰণেহে জানে মৰণৰ ঠাই । যাত্ৰা পথতো কোনো লোকৰ বাবে মৃত্য়ুৱে অপেক্ষা কৰি থাকিব পাৰে । নিজৰ আপোন ঘৰখনলৈ ওভতাৰ পথতেই যেতিয়া মৃত্যুৱে হাত বাউলি মাতে, তেতিয়া যি কোনো ঘটনাই হ'ব পাৰে মৃত্য়ুৰ কাৰণ । দেওবাৰে এনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানে অঞ্চলত (Shocking incident at Thane)। বালাচাহেব ঠাকৰে ফ্লাইঅভাৰৰ ওপৰেৰে ঘৰলৈ ওভতাৰ সময়তেই চিলাৰ মাঞ্জা ডিঙিত লগাত এজন লোকৰ মৃত্যু হয় । উলহাচনগৰৰ বাসিন্দা সঞ্জয় হাজাৰেয়ে নিজৰ মটৰ চাইকেলেৰে গৈ থকাৰ সময়তেই এই ঘটনাটো সংঘটিত হৈছে । মাঞ্জাডাল ডিঙিত লগাত কাটি যায় সঞ্জয়ৰ ডিঙি ৷

উল্লেখ্য় যে, দেওবাৰে মকৰ সংক্ৰান্তিৰ (Makar Sankranti in India) দিনা সন্ধিয়া ভিৱান্দিৰ পৰা কাম শেষ কৰাৰ পিছত তেওঁ বালাচাহেব ঠাকৰে ফ্লাইঅভাৰৰ পৰা মটৰ চাইকেলেৰে ঘৰলৈ ৰাওনা হৈছিল (Balasaheb Thackeray flyover in Bhiwandi)। যাত্ৰা পথতে, হঠাতে তেওঁৰ ডিঙিত লাগে সেই স্থানত উৰি থকা এখন চিলাৰ মাঞ্জা ৷ তীক্ষ্ণ মাঞ্জাডাল লগাৰ ফলত লোকজনৰ ডিঙি কাটি যায় আৰু ডিঙিৰ পৰা ৰক্তক্ষৰণ হ'বলৈ ধৰে ।

চিলাৰ ৰছীডালে তেওঁৰ ডিঙি কাটি পেলোৱাত লোকজনে মটৰ চাইকেলৰ সৈতে ৰাস্তাৰ কাষত পৰি যোৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় । ইয়াৰ পিছতেই ভিৱান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সঞ্জয়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

সঞ্জয়ৰ ডিঙিত চিলাৰ মাঞ্জাডাল লাগি ধৰাৰ লগে লগে মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাৰ পথৰ কাষৰ এটা শিলত জোৰেৰে খুন্দা মাৰে (China Manja)। এই চীনা চিলাৰ ফলত বহু ঠাইত অনুৰূপ দুৰ্ঘটনা সংঘটিত হোৱাত বহুতো লোকে প্ৰাণ হেৰুৱাইছে । চীনা চিলাৰ ওপৰত নিষেধাজ্ঞা থকা স্বত্বেও এইবোৰ ব্যৱহাৰ কৰি থকা হৈছে । উল্লেখ্য় যে, প্ৰতি বছৰে মকৰ সংক্ৰান্তি উৎসৱত প্ৰায়ভাগ লোকেই চিলা উৰুৱাই আনন্দ লাভ কৰে ।

ইপিনে, কেইবছৰমান আগলৈকে চিলা উৰুৱাবলৈকে সৰল কপাহৰ সূতা ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তে প্ৰতিপক্ষৰ চিলা কাটিবলৈ নাইলন জালৰ দৰে ৰছী ব্যৱহাৰ কৰিবলৈ ধৰিলে । চিলাৰ মাঞ্জাত কাঁচৰ গুৰি আঠাৰে লগোৱা নাইলনৰ ৰছী ব্য়ৱহাৰ কৰা হয় । এনে কৰিলে এবাৰ ব্য়ৱহাৰ কৰাৰ পিছত সহজে ছিঙি নাযায় । এই লোকজনৰ ডিঙিতো এনে ৰছীয়ে মেৰিয়াই ধৰাৰ ফলত মৃত্য়ু হোৱা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:Aircraft crashed in Nepal: 72 গৰাকী আৰোহীসহ জাহ গ’ল এখন বিমান; প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.