ETV Bharat / bharat

Dahi Handi festival: পৰম্পৰাগত দধি-হাণ্ডি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত, থানেত আহত 11 গৰাকী - মুম্বাইত 77 গৰাকী আহত

ভগৱান কৃষ্ণৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ অন্যান্য অংশত পৰম্পৰাগত দধি (দহি)-হাণ্ডি উৎসৱ উদযাপন কৰা হয় ৷ দধি-হাণ্ডিত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত হোৱাৰ বিপৰীতে থানেত আহত 11 গৰাকী লোক আহত হয় ৷

Dahi Handi festival
পৰম্পৰাগত দধি-হাণ্ডি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:46 PM IST

নেশ্যনেল ডেস্ক, 7 ছেপ্টেম্বৰ : দেশজুৰি দুদিনীয়াকৈ পালন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷ ভগৱান কৃষ্ণৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ অন্যান্য অংশত পৰম্পৰাগত দধি (দহি)-হাণ্ডি উৎসৱ উদযাপন কৰা হয় ৷ পুৱাৰে পৰা নিশালৈকে আয়োজন কৰা হয় এই দধি-হাণ্ডি উৎসৱ ৷ ইয়াৰ আনন্দ স্ফুৰ্তিৰ মাজতে পৰম্পৰাগত দধি-হাণ্ডিত অংশগ্ৰহণ কৰি মুম্বাইত 77 গৰাকী আহত হোৱাৰ বিপৰীতে থানেত আহত 11 গৰাকী লোক আহত হয় ৷

চহৰখনৰ বিভিন্ন স্থানত এই দধি-হাণ্ডি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা "গোবিন্দ গোট"বোৰৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰা হয় ৷ যিটো গোটে এই প্ৰতিযোগিতাত দধিৰ হাণ্ডি ভঙাত সফল হয় সেইসমূহ গোটক প্ৰদান কৰা হয় এই পুৰস্কাৰ ৷ গোটসমূহে মানৱ পিৰামিড গঠন উঠাৰ সময়তে বহু লোকে পৰি আঘাতপ্ৰাপ্ত হোৱাৰো সম্ভাৱনা থাকে ৷

আজি বিয়লি বৃহন্মুম্বাই পৌৰ নিগমৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি সন্ধিয়া 6 বজালৈকে উপলব্ধ তথ্য অনুসৰি, মুম্বাইত দধি-হাণ্ডি উদযাপনৰ সময়ত কমেও 77 জন গোবিন্দ আঘাতপ্ৰাপ্ত হৈছিল ৷ তেওঁলোকৰ ভিতৰত 25 জনক চহৰখনৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে 18 গৰাকীক চিকিৎসাৰ পিচত অব্যাহতি দিয়া হৈছিল, আনহাতে আন সাতজনক নতুনকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ তেওঁ লগতে কয় যে আহত অন্য 52 গৰাকীক ৰাজ্যিক পৰিচালিত আৰু পৌৰ চিকিৎসালয়ৰ বহিঃৰোগী বিভাগত (অ'পিডি) চিকিৎসাধীন কৰা হৈছে ৷

উল্লেখ্য যে, ইতিমধ্যে বৃহন্মুম্বাই বোম্বে পৌৰ নিগমে আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ বাবে জনসাধাৰণৰ দ্বাৰা পৰিচালিত চিকিৎসালয়সমূহত 125 খন বিচনা সাজু কৰি ৰাখিছিল ৷ আঘাতপ্ৰাপ্ত অংশগ্ৰহণকাৰীসকলক কেইএম চিকিৎসালয়, চিয়ান চিকিৎসালয়, ৰাজাৱাড়ী চিকিৎসালয়, এছ টি জৰ্জ চিকিৎসালয়, নায়াৰ চিকিৎসালয়, বোম্বাই চিকিৎসালয় আৰু কুপাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী য়াছিন তাদৱীয়ে কয় যে, আহত 11 জনৰ ভিতৰত 7 জনক কালৱাৰ এখন জনসাধাৰণৰ পৰিচালিত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ আন চাৰিজনক আন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ এই উৎসৱৰ উপলক্ষে চহৰখনৰ কেইবাখনো হাউচিং ছ'চাইটি, পথ, ৰে’লৱে জংচন আৰু ৰাজহুৱা খেলপথাৰসমূহত ফুলেৰে সজোৱা দধি হাণ্ডিবোৰ মাটিৰ পৰা বহু ফুট ওপৰত বান্ধি দিয়া হৈছিল ৷ বিভিন্ন ৰঙী পোছাক পৰিধান কৰি গোবিন্দসকলে গোটেই দিনটো ট্ৰাক, টেম্পো, বাছ আৰু দুচকীয়া বাহনত পৰিভ্ৰমণ কৰাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: Theft incident: সুন্দৰীদিয়াৰ ভাগৱত শাস্ত্ৰ অধ্যয়নাগাৰৰ লগতে দুখনকৈ দোকানত চুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.