ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিল মেক্সিকোৰ বিদেশ মন্ত্ৰী - মেক্সিকান বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ প্ৰথমটো ভাৰত ভ্ৰমণ

দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ভাৰতত উপস্থিত মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবন (Mexican Foreign Minister arrives in India)। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা হ'ব । মেক্সিকো হৈছে লেটিন আমেৰিকাৰ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ ।

Mexican Foreign Minister Marcelo Ebrard Casaubon arrives in India
মেক্সিকান বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ প্ৰথমটো ভাৰত ভ্ৰমণ
author img

By

Published : Mar 30, 2022, 12:12 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : ভাৰতত প্ৰথমটো চৰকাৰী ভ্ৰমণৰ কাৰ্যসূচীৰে উপস্থিত মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ড কাচাউবন (Mexican Foreign Minister Marcelo Ebrard Casaubon)। দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ভাৰতত উপস্থিত হয় মেক্সিকোৰ মন্ত্ৰীগৰাকী (Mexican Foreign Minister arrives in India)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এমইএ) মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে এই কথা সদৰি কৰে ।

মেক্সিকোৰ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক লৈ আনন্দিত মুখপাত্ৰ অৰিন্দম বাগচী । তেওঁ উল্লেখ কৰা মতে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা হ'ব । ইফালে এই সম্পৰ্ক আৰু অধিক শক্তিশালী আৰু সুদৃঢ় কৰাৰ বাবেও আলোচনা কৰা হ'ব ।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত ভাৰতত উপস্থিত হোৱা মেক্সিকান মন্ত্ৰীগৰাকী মুম্বাইলৈ যাব । জয়শংকৰ আৰু কাচাউবন দুয়োগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ এক বিস্তৃত পৰ্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বাৰ্থৰ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহো আলোচনা কৰিব ।

উল্লেখ্য যে বিগত বছৰৰ ছেপ্টেম্বৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে মেক্সিকো ভ্ৰমণ কৰিছিল । ইফালে মেক্সিকো হৈছে লেটিন আমেৰিকাৰ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু ২০২১-২২ বৰ্ষৰ বাবে ভাৰতৰ সৈতে ইউএনএছচিৰ (UNSC) সদস্য ।

লগতে পঢ়ক :প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.