ETV Bharat / bharat

Bipin Rawat's chopper viral video: ভিডিঅ' কৰা দুই ব্যক্তি কাষ চাপিছে আৰক্ষীৰ - চিডিএছৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে

চিডিএছৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে (Probe on CDS Bipin Rawat chopper crash)। দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে চিডিএছ বিপিন ৰাৱাটৰ হেলিকপ্টাৰৰ ভিডিঅ' লৈছিল দুই ব্যক্তিয়ে । সেই দুই ব্যক্তিয়ে শনিবাৰে সাক্ষাৎ কৰে কইম্বাটুৰৰ আৰক্ষী আয়ুক্ত প্ৰদীপ কুমাৰক ।

Bipin Rawats chopper viral video
ভিডিঅ' কৰা দুই ব্যক্তি কাষ চাপিছে আৰক্ষীৰ
author img

By

Published : Dec 12, 2021, 6:39 PM IST

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ : তামিলনাডুৰ কুন্নুৰৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল । যি দুৰ্ঘটনাত দেশৰ চিডিএছ বিপিন ৰাৱাট তেওঁৰ পত্নী আৰু আন ১১ গৰাকী নিহত হৈছিল (Gen Bipin Rawat's chopper crash)। ইতিমধ্য এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ত্ৰি-সেৱা তদন্ত ঘোষণা কৰিছে ।

এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত গঠিত এটা বিশেষ দলে দুৰ্ঘটনাটো সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে (Probe on CDS Bipin Rawat chopper crash) । দুৰ্ঘটনাস্থলীত ড্ৰোণ ব্যৱহাৰ কৰি ঘটনাৰ কাৰণ উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীয়েও সমান্তৰালকৈ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে কইম্বাটুৰৰ ৰামনাথপুৰম অঞ্চলৰ দুজন স্থানীয় বাসিন্দা ক্ৰমে জো আৰু নাছিৰে মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ কুমাৰক সাক্ষাৎ কৰে । দুৰ্ঘটনাৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছিল (Viral video of chopper carrying CDS)। চিডিএছ বিপিন ৰাৱাটসহ বাকীসকল যোৱা হেলিকপ্টাৰখনৰ দুৰ্ঘটনাৰ পূৰ্বে শ্বুট কৰা ভিডিঅ'টোৱে জোকাৰণিৰ সৃষ্টি কৰিছিল ।

সেই বিশেষ ভিডিঅ'টো বন্দী হৈছিল জো আৰু নাছিৰৰ ম'বাইলত । আৰক্ষী আয়ুক্তক ভিডিঅ'টো সম্পৰ্কে দুয়োজনে অৱগত কৰিছে । ইফালে আৰক্ষীয়েও তেওঁলোকৰ নাম, ঠিকনা, ফোন নম্বৰ আদি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে । আৰক্ষী আয়ুক্তই জনোৱা মতে তদন্ত চলাই থকা নীলগিৰি জিলা আৰক্ষীলৈ এই সকলো তথ্য প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক :Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.