ETV Bharat / bharat

মেঘালয় আৰক্ষীৰ জালত চিট্টোৰগড়ৰ ৪ জনীয়া প্ৰৱঞ্চকৰ দল

ৰাজস্থানৰ চিট্টোৰগড় এতিয়া প্ৰৱঞ্চকৰ ঘাটি ৰূপে চিহ্নিত হৈছে । ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ মেঘালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াক টাৰ্গেট কৰিছে প্ৰৱঞ্চকৰ দলে । মেঘালয় আৰক্ষীয়ে অভিযান চলায় চিট্টোৰগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ৪ জনীয়া প্ৰৱঞ্চকৰ দলক (Meghalaya police arrested thugs from Chittorgarh)। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

author img

By

Published : May 12, 2022, 12:07 PM IST

Chittorgarh
মেঘালয় আৰক্ষীৰ জালত চিট্টোৰগড়ৰ ৪ জনীয়া প্ৰৱঞ্চকৰ দল

নেশ্যনেল ডেস্ক, ১২ মে' : শেহতীয়াকৈ দেশত চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে (Cyber crimes in India)। সম্প্ৰতি ডিজিটেল মাধ্যমৰ ব্যৱহাৰ যথেষ্ট হোৱাৰ বাবেই এই ধৰণৰ অপৰাধো বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । কিছুদিন পূৰ্বে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰীৰ নামত এটা প্ৰৱঞ্চকৰ দলে আৰক্ষী বিষয়াৰ পৰা ধন লুট কৰিছিল । পাছত ত্ৰিপুৰা আৰক্ষীয়ে ৰাজস্থানৰ চিট্টোৰগড়ৰ পৰা প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Tripura Police Busted Big Fraud Case) ।

মেঘালয় আৰক্ষীয়ে এইবাৰ প্ৰৱঞ্চকৰ দলক বিচাৰি অভিযান চলালে চিট্টোৰগড়ত । অভিযানত মেঘালয় আৰক্ষীয়ে ৪ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Meghalaya police arrested thugs from Chittorgarh)। প্ৰৱঞ্চককেইটাক আদালত হাজিৰ কৰোৱা হৈছে আৰু আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।

জানিব পৰা মতে অধিক তদন্তৰ বাবে অভিযুক্তকেইটাক আৰক্ষীয়ে মেঘালয়লৈ লৈ যোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, মেঘালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ নামত প্ৰৱঞ্চনা কৰিছিল দলটোৱে । প্ৰৱঞ্চকৰ দলটোৱে হোৱাটছ এপত গ্ৰুপ খুলি আৰক্ষী বিষয়াজনক প্ৰতাৰণা কৰিছিল (Chittorgarh thugs used Meghalaya police officer name for fraud)। পাছত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা আৰক্ষী চকীত প্ৰৱঞ্চনাৰ এটা গোচৰ ৰুজু কৰা হৈছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত চলাই প্ৰৱঞ্চকৰ দলটোৰ অৱস্থিতি চিট্টোৰগড়ত পাইছিল ।

তাৰ পাছতে মেঘালয় আৰক্ষীৰ ৭ জনীয়া এটা দল তাত উপস্থিত হয় । দলটোৰ নেতৃত্বত আছে আইপিএছ পংকজ ৰাসাগনিয়া আৰু উপ-পৰিদৰ্শক চিংকগাম । মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক কেইটা ক্ৰমে নৱনীত সিং, মহিলাবৰ্ধন সিং, ৰাজু জাট আৰু ভৈৰু সিং বুলি জানিব পৰা গৈছে । ইফালে ঘটনাৰ লগত জড়িত আন এজন পলাতক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ নামত কোনে পেলাইছিল প্ৰৱঞ্চনাৰ জাল ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.