Meghalaya Election results 2023 : মেঘালয়ত স্থাপন হৈছে 13 টা ভোটগণনা কেন্দ্ৰ - Meghalaya Assembly elections 2023
পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ’ল মেঘালয়ৰ ভোটগণনা প্ৰক্ৰিয়া ((Meghalaya Election results 2023) ৷ ইতিমধ্যে জিলাখনৰ 13 টা ভোটগণনা কেন্দ্ৰত স্থপন কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰ ৷
নেশ্যনেল ডেস্ক, 2 মাৰ্চ : অৱশেষত আজি অপেক্ষাৰ অন্ত পৰিব ৷ পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ’ল বিগত 27 ফেব্ৰুৱাৰীত হৈ যোৱা মেঘালয় নিৰ্বাচনৰ ভোটগণনা (Meghalaya Election results 2023) ৷ যাৰ বাবে মেঘালয়ত 13 টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । পশ্চিম গাৰো পাহাৰ জিলাকে ধৰি 11 টা বিধানসভা সমষ্টিৰ ডাকোপগ্ৰে অঞ্চলটোত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । লগতে ৰাজ্যখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যষ্টনীও ৷
আজি অৰ্থাৎ বৃহস্পতিবাৰে ভোটগণনা প্ৰক্ৰিয়া চলি থকাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনকি মেঘালয়ৰ দক্ষিণ পশ্চিম খাছি পাহাৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সলনি কৰিছে ৰাজ্যখনৰ বহু কেইটা পথৰ যাতায়ত ব্যৱস্থা ৷
তথ্য অনুসৰি, মাউকিৰৱাটৰ পৰা অহা বাহনসমূহক লাড ছাকৱাঙৰ পৰা পিণ্ডেনছাকৱাং-ছাকৱাং হৈ জাক্ৰেমলৈ যাব পাৰিব । লাড ছাকৱাঙৰ পৰা ডিচি অফিচলৈ ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ লগতে জাক্ৰেমৰ পৰা মাউকিৰৱাট অভিমুখে যোৱা বাহনসমূহ জাক্ৰেমৰ পৰা লাইটমাউছিয়াংলৈ প্ৰৱেশৰ বাধাৰ বাবে লাড মাউথাউপদাহৰ পৰা ছাকৱাং-পিণ্ডেনছাকৱাং হৈ মাউকিৰৱাটলৈ যাব পাৰিব ৷
লগতে পঢ়ক : Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা
উল্লেখ্য যে, এনপিপিৰ অধ্যক্ষ কনৰাড কে চাংমাই (NPP supremo Conrad K Sangma) ৰাজ্যখনৰ তুৰা সমষ্টিত দক্ষিণৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ য’ত তেওঁ বিজেপি নেতা বাৰ্নাৰ্ড মাৰাকৰ সৈতে হৰ্ণ লক কৰিছিল । বিৰোধী দলৰ নেতা তথা টিএমচিৰ নেতা মুকুল চাংমাই ছংছাক আৰু টিক্ৰিকিল্লাৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনপিপিৰ অধ্যক্ষগৰাকীয়ে কয়, ‘‘বিগত 27 ফেব্ৰুৱাৰীত হৈ যোৱা ৰাজ্যখনৰ নিৰ্বাচনৰ ফলাফলত প্ৰতিফলন হ’ব মেঘালয়ৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা ৷ যাক লৈ মই যথেষ্ট আশাবাদী’’ ৷
নিৰ্বাচন আয়োগে জাৰি কৰা তথ্য অনুসৰি, বিগত 27 ফেব্ৰুৱাৰীত হৈ যোৱা মেঘালয়ৰ বিধানসভা নিৰ্বাচনত (Meghalaya Assembly elections 2023) 85.17 শতাংশ ভোটদান সম্পন্ন হৈছিল ৷ ইয়াৰ বিপৰীতে 2018 চনৰ নিৰ্বাচনত সম্পন্ন হৈছিল 75.58 শতাংশ ভোটদান ৷ ইয়াৰে পৰা অনুমান কৰিব পাৰি যে, মেঘালয়ৰ জনসাধাৰণৰ মাজত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পাইছে সজাগতা ৷ যাৰ বাবে পূৰ্বৰ তোলনাত ভোটাৰৰ ভোটদানৰ হাৰ বৃদ্ধি হৈছে ।
লগতে পঢ়ক : Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা