নিউজ ডেস্ক, 13 মাৰ্চ : বিধানসভা নিৰ্বাচনত বৃহৎ সফলতাৰ পাচত দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত বাহৰ পাতিছে যোগী আদিত্য নাথে (Yogi Adityanath visits Delhi) ৷ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিঙকে আদি কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে মিলিত হ’ব যোগী ৷ চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰাৰ বাবেই দিল্লীলৈ গৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী (Yogi visits Delhi to meet BJP top brass) ৷
উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুকো সাক্ষাৎ কৰিব যোগী আদিত্য নাথে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতেও মিলিত হ’ব যোগী ৷ নতুনকৈ গঠন হ’ব লগা উত্তৰপ্ৰদেশ চৰকাৰৰ ৰাজ্যিক কেবিনেটত অন্তৰ্ভুক্ত হ’ব লগীয়া সাম্ভাৱ্য সদস্যসকলৰ বিষয়টোৱে আলোচনাত অগ্ৰাধিকাৰ পাব বুলি ধাৰণা কৰা হৈছে (Yogi discusses about government formation)৷
দলীয় সূত্ৰই জনোৱা মতে, আদিত্য নাথে বিয়লি 5 বজাত নৰেন্দ্ৰ মোদীক লগ ধৰাৰ কথা ৷ দলৰ মুখ্যকাৰ্যালয়লৈ গৈ দলীয় নেতৃত্বকো লগ কৰিব যোগী আদিত্য নাথে ৷ দ্বিতীয়বাৰ উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাচত এয়া হৈছে যোগী আদিত্য নাথৰ প্ৰথম দিল্লী ভ্ৰমণ ৷
লগতে পঢ়ক : কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত সৃষ্টি হ’ব পাৰে ধুমুহা !