স্পৰ্টচ ডেস্ক,5 জানুৱাৰী: যোগাভ্যাসত ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে উত্তৰ কাশ্মীৰৰ বোন্দিপাৰা জিলাৰ 17 বছৰীয়া শ্বাহ পৰিহাৰ পীৰজাদাই ৷ কেৱল এইয়াই নহয় শ্বাহ পৰিহাৰে এইপৰ্যন্ত মাৰ্শ্বেল আৰ্টছত 8 বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ পৰিহাৰে মাত্ৰ ছয় বছৰ বয়সতেই খেলত নিজৰ কেৰিয়াৰৰ পাতনি মেলিছিল ৷
পৰিহাৰে প্ৰথমে স্ন’ স্কিঙৰ জৰিয়তে খেলত কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়লৈকে যোগাভ্যাস, মাৰ্শ্বেল আৰ্টছ আৰু অন্যান্য খেলত প্ৰক্ষিক্ষণ গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও পৰিহাৰে আজৰি সময়ত গীত গাই আৰু ছবি আকি ভাল পায় ৷ পৰিহাৰে কয়, প্ৰথমাৱস্থাত তেওঁ কেৱল আত্মৰক্ষাৰ বিভিন্ন প্ৰণালীসমূহ শিকাৰ বাবেহে স্কে মাৰ্শ্বেল আৰ্টছ খেলিবলৈ আৰম্ভ কৰিছিল ৷ ‘মই নিৰ্বাচন কৰা তৃতীয় খেলবিধ আছিল যোগাভ্যাস ৷ কাৰণ নিজৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস বহু প্ৰয়োজনীয় ৷’
"মই খুব কম বয়সতে স্ন’ স্কিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো ৷ যেতিয়া মই এই খেলবিধৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিলো, সেই সময়ত মোক প্ৰশিক্ষণ প্ৰদান কৰিছিল জম্মু-কাশ্মীৰৰ বিখ্যাত অলিম্পিয়ান গুল মুস্তাফা দেৱে ৷ তেওঁ মোৰ বাবে প্ৰেৰণা আছিল ৷ তেওঁৰ অধীনতে মই মই স্ন’ স্কিঙৰ তিনিবিধ পাঠ্যক্ৰম গ্ৰহণ কৰিছো ৷ আৰু ইয়াৰ পিছতে মই প্ৰতিযোগিতামূলক স্ন’ কিঙত অংশগ্ৰহণৰ বাবে পৰামৰ্শ লাভ কৰো ৷"
পৰিহাৰে আৰু কয় তেওঁ আন দেশৰ মাৰ্শ্বেল আৰ্টছ সমূহ নিৰ্বাচন নকৰি ভাৰতৰ বিখ্যাত মাৰ্শ্বেল আৰ্টছৰ প্ৰকাৰ স্কে মাৰ্শ্বেল আৰ্টছ নিৰ্বাচন কৰে ৷ এই ক্ৰীড়াবিধত পৰিহাৰক মীৰ নাজিৰ আৰু মহিলা প্ৰশিক্ষক ছলমাই প্ৰশিক্ষণ প্ৰদান কৰে ৷ 17 বছৰীয়া পৰিহাৰ বোন্দিপাৰা জিলাৰ পৰা ৰাষ্ট্ৰীয় বটা লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ যোগবিদ ৷
লগতে পঢ়ক-শ্বাহী ঈদগাহ মছজিদ স্থানান্তৰকৰণ গোচৰৰ শুনানিৰ দিন 15 জানুৱাৰীত ধাৰ্য