ETV Bharat / bharat

মিৰাটৰ ITI ৰ উদ্যোগত মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ যন্ত্ৰ

author img

By

Published : Oct 7, 2022, 8:22 AM IST

মিৰাটৰ ITI ৰ উদ্যোগত মহিলাৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে এটা বিশেষ যন্ত্ৰ ৷ এই বিশেষ যন্ত্ৰটোৰ নাম হৈছে Woman Safety Device ৷

Meerut ITI student invented new device
মিৰাটৰ ITI ৰ উদ্যোগত মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ যন্ত্ৰ

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ : আমাৰ সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰ পর্যৱেক্ষণ কৰিলে দেখা যায় প্ৰতি মুহূৰ্তত বিভিন্ন দিশত নাৰী নির্যাতনৰ সন্মুখীন হৈ আহিছে ৷ প্ৰতিদিনে নাৰীৰ ওপৰত চলা অত্যাচাৰৰ খবৰ বাতৰি কাকত, ছ'ছিয়েল মিডিয়াত প্ৰকাশিত হৈয়ে আছে । দেশৰ শাসন ব্যৱস্থাত নাৰী সুৰক্ষাৰ বাবে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যদিও আজিৰ সমাজত সুৰক্ষিত নহয় প্ৰতিগৰাকী নাৰী ৷

নাৰী সুৰক্ষাৰ এই বিশেষ প্ৰসংগটোক গুৰুত্ব দি মিৰাট ITI ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এনে এটা ইলেক্ট্ৰনিক ডিভাইচ নিৰ্মাণ কৰি উলিয়াইছে (Meerut ITI student invented new device) ৷ যাৰ সহায়ত মহিলাৰ বিৰুদ্ধে সংঘটিত যিকোনো অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব । এই ডিভাইচটোৰ নাম হৈছে Woman Safety Device ৷

যিকোনো মূহুৰ্তত মহিলাসকল সম্ভাব্য নিৰ্যাতনৰ মুখামুখী হ’লে এই ডিভাইচটোৱে দুষ্কৃতিকাৰীক বিদ্যুৎস্পৃষ্ট কৰি তুলিব ৷ ফলত অপৰাধীয়ে সেই স্থানৰ পৰা পলাবলৈ বাধ্য হ’ব (ITI student made electronic device) । মিৰাটৰ ITI ৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰা মহিলা সুৰক্ষাৰ এই ডিভাইচটো মহিলাৰ চেণ্ডেলত সংলগ্ন কৰা থাকিব (Electronic device for women safety)।

ডিভাইচটো নিৰ্মাণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰা অনুসৰি, যুৱতী তথা মহিলাসকলে ইয়াক পিন্ধি নিৰ্ভয়ে ঘৰৰ পৰা ওলাই যাব পাৰিব । টেম্পাৰিং হ’লেই ডিভাইচটোৱে হাই ভল্টেজ বিদ্যুৎ উৎপন্ন কৰিব আৰু দুষ্কৃতিকাৰীক প্ৰবল বৈদ্যুতিক শ্বক দিব । ফলত বিদ্যুৎস্পৃষ্ট হৈ আতংকিত অপৰাধীয়ে পলায়ন কৰিবলৈ বাধ্য হ’ব ।

লগতে পঢ়ক : ১ নৱেম্বৰৰ পৰা আকাশ বিমানত নিব পাৰিব পোহনীয়া জন্তু

লক্ষ্যণীয় যে, ITI ৰ ইলেক্ট্ৰনিক মেকানিকৰ ছাত্ৰ আয়ুষ আৰু অদিতিয়ে নিৰ্মাণ কৰিছে Woman Safety Device নামৰ এই বিশেষ ডিভাইচটো । অৱশ্যে ইয়াক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আন বহুকেইগৰাকী সহপাঠীয়েও সহযোগিতা আগবঢ়াইছে । প্ৰায় এমাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিৰ্মাণ হৈ উঠিছে এই ডিভাইচটো । ডিভাইচটো মহিলাৰ চেণ্ডেলত সংলগ্ন কৰা হৈছে ।

ডিভাইচটো নিৰ্মাণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ মতে, মহিলাক নিৰ্যাতন মূহূৰ্তত ডিভাইচটোৰ চুইচ অন কৰাৰ লগে লগেই 400 কেভিৰ বিদ্যুৎ এৰি দিব । ফলত অপৰাধী বিদ্যুৎস্পৃষ্ট হ’ব আৰু আতংকিক হৈ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ’ব । এবাৰ এনেদৰে বিদ্যুৎস্পৃষ্ট হ’লে, দুষ্কৃতিকাৰীয়ে নাৰী নিৰ্যাতনৰ দৰে অপৰাধ দুনাই কৰাৰ সাহস নকৰে ।

ইলেক্ট্ৰনিক মেকানিকৰ ছাত্ৰ আয়ুষে জনোৱা মতে, এই ডিভাইচটো মহিলাসকলৰ চেণ্ডেলত ইমান নিখুটকৈ ফিট কৰা হৈছে যে তাৰ বিষয়ে কোনেও জানিব নোৱাৰে । বহুকেইটা ইলেক্ট্ৰনিক উপাদান স্থাপন কৰি বেটাৰীৰ জৰিয়তে তাত বিদ্যুৎ সংলগ্ন কৰি দিয়া হৈছে । তাৰোপৰি ই এটা অতি শক্তিশালী ডিভাইচ ।

ছাত্ৰী অদিতিয়ে ক’লে, আজিকালি যুৱতী-মহিলাৰ লগত ঘটি থকা বিভিন্ন অপৰাধজনিত ঘটনাবোৰৰ প্ৰতি গুৰুত্ব দিয়েই ডিভাইচটো বনোৱা হৈছে । নাৰী নিৰ্যাতনৰ ঘটনা ইমানেই বৃদ্ধি পাইছে যে, ই এক অতিশয় চিন্তাৰ বিষয় । এনে কাণ্ডক দমন কৰাৰ প্ৰয়োজন, য’ত এই যন্ত্ৰটোৱে সহায় কৰিবলৈ সক্ষম হ’ব ।

প্ৰশিক্ষক বৃজেন্দ্ৰ কুমাৰে উল্লেখ কৰা অনুসৰি, বৰ্তমান ডিভাইচটোৰ অধিক উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ যাতে ইয়াক অধিক সহজে চাৰ্জ কৰিব পৰা যায় । ইয়াক ৱাটাৰপ্ৰুফ কৰাৰ বাবেও কাম চলি আছে । বৰষুণৰ বতৰত চেণ্ডেলযোৰ তিতিলেও যন্ত্ৰটোৱে সঠিকভাৱে কাম কৰিব পাৰে ।

ITI খনৰ সমন্বয়ক কুলদীপে ক’লে, এই যন্ত্ৰটো অধিক ফলপ্ৰসূ কৰিবলৈ অধ্যক্ষই নিৰ্দেশনাও দিছে । এতিয়া ইয়াৰ বাবে জোতা নিৰ্মাণ কোম্পানীৰ সৈতে যোগাযোগ কৰা হ’ব । বৰ্তমান এই ডিভাইচটোৰ বহু শলাগ লোৱাৰ লগতে নিৰ্মাণত জড়িত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ভাৰত চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ শীৰ্ষ সেনা বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.