ETV Bharat / bharat

Economic fugitive Mehul Choksi : মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ, গৃহ মন্ত্ৰালয়ৰ সকীয়নি

author img

By

Published : Mar 24, 2023, 9:27 PM IST

ইণ্টাৰপোলে পলাতক হীৰা ব্যৱসায়ী মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ কৰিছে (Interpol revoked Red Corner list against Choksi )। গৃহ মন্ত্ৰালয়ৰ মতে অৰ্থনৈতিক পলাতকসকলে ন্যায়ৰ সন্মুখীন হ'ব লাগিব । চিবিআইয়ে ইণ্টাৰপোলৰ অন্যান্য সংস্থাসমূহৰ সৈতে যোগাযোগত আছে ।

Economic fugitive Mehul Choksi
মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : পুনৰ চৰ্চাত হীৰা ব্যৱসায়ী তথা পঞ্জাৱ নেশ্যনেল বেংকৰ এক জালিয়াতি গোচৰৰ অভিযুক্ত পলাতক মেহুল চ'ক্সি (Mehul Choksi) । ইণ্টাৰপোলে মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ কৰাৰ পাছতে বিষয়টো পুনৰবাৰ চৰ্চালৈ আহিছে । অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মেহুল চ'ক্সিৰ দৰে পলাতক অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে (MEA on Mehul Choksi)।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে মেহুল চ'ক্সিৰ দৰে অৰ্থনৈতিক পলাতকসকলে ন্যায়ৰ সন্মুখীন হ'ব লাগিব । এক সাপ্তাহিক সংবাদমেলত মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে চৰকাৰে গুৰুত্ব দিছে যাতে ভাৰতত অৰ্থনৈতিক পলাতকসকল ন্যায়ৰ সন্মুখীন হ'ব পাৰে । চৰকাৰে ৰেড কৰ্ণাৰ জাননীৰ দৰে নিৰ্দিষ্ট বিষয়বোৰত দৃষ্টি ৰাখিব । ৰেড কৰ্ণাৰ জাননী সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষই এক বিতং প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, ইণ্টাৰপোলে মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী প্ৰত্যাহাৰ কৰিছে (Red corner notice against Mehul Choksi)। চৰকাৰী সূত্ৰৰ মতে, ৰেড কৰ্ণাৰ জাননীৰ ইণ্টাৰপোল ডাটাবেছৰ পৰা আঁতৰোৱাৰ ফলত পলাতক হীৰা ব্যৱসায়ীগৰাকীয়ে ভাৰতৰ বাহিৰে আন যিকোনো দেশলৈ ইচ্ছামতে ভ্ৰমণ কৰিবলৈ যোগ্য হ'ব । যিহেতু ভাৰতত তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ আছে । সেয়ে ভাৰতৰ বাহিৰে বাকী যিকোনো ঠাইলৈ তেওঁ ভ্ৰমণ কৰিব পাৰিব ।

অৱশ্যে, সূত্ৰটোৱে কোৱা মতে যে চ'ক্সি বিৰুদ্ধে বিশ্বব্যাপী আৰক্ষী সংস্থাৰ দ্বাৰা ৰেড কৰ্ণাৰ জাননী আঁতৰোৱাৰ কোনো প্ৰভাৱ নপৰে । কিয়নো চ'ক্সিৰ বিষয়টো ইতিমধ্যে শীৰ্ষ পৰ্যায়ত আছে ।

পলাতকসকলৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰী কৰা হয় যাতে বিশ্বৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে কোনো এজন ব্যক্তিক বিচাৰি উলিয়াব বা আত্মসমৰ্পণ বা একে ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । ৰেড কৰ্ণাৰ জাননীৰ জৰিয়তে সেই গৰাকী ব্যক্তিৰ সম্পৰ্কে সতৰ্ক কৰি দিয়া হয় ।

উল্লেখ্য যে পঞ্জাৱ নেচনেল বেংকত ১৩,০০০ কোটি টকাৰ জালিয়াতিৰ এক গোচৰৰ অভিযুক্ত ৬৩ বছৰীয়া হীৰা ব্যৱসায়ী মেহুল চ'ক্সি । সম্প্ৰতি ব্যৱসায়ীগৰাকী পলাতক । ইফালে, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই)য়ে মঙলবাৰে কয় যে মেহুল চ'ক্সিৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী আঁতৰোৱাৰ পাছতে তদন্তকাৰী সংস্থাটোৱে ইণ্টাৰপোলৰ ফাইল (চিচিএফ) নিয়ন্ত্ৰণ আয়োগ আৰু ইণ্টাৰপোলৰ অন্যান্য সংস্থাসমূহৰ সৈতে সক্ৰিয় যোগাযোগত আছে ।

লগতে পঢ়ক :Opposition Moves to SC : কেন্দ্ৰীয় চৰকাৰে ইডি, চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.