ETV Bharat / bharat

Sonia Gandhi on Chandrayaan 3 success : অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়; চন্দ্ৰযান-৩ সফলতা সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য - ISRO chief S Somnath

চন্দ্ৰ অভিযানত ভাৰত বিৰল কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হৈ পৰিছে । ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সৈতে এতিয়া শাৰীত থিয় দিলে । কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত ইছৰোৰ মুৰব্বী এছ সোমনাথলৈ এখন পত্ৰ লিখে ।

Sonia Gandhi on Chandrayaan 3 success
Sonia Gandhi on Chandrayaan 3 success
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:12 PM IST

নিউজ ডেস্ক, ২৪ আগষ্ট : বুধবাৰে ভাৰতে চন্দ্ৰযান-৩ অভিযানত এক ঐতিহাসিক সফতা অৰ্জন কৰে । আহাতে, চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণত সফল হোৱাৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক (ইছৰো) প্ৰশংসা কৰে ।

উল্লেখ্য যে এই অভিযান সফল হোৱাৰ পিছত ভাৰতে চন্দ্ৰ অভিযানত বিৰল কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে । ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সৈতে একে শাৰীত থিয় দিলে । আনহাতে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত ইছৰোৰ মুৰব্বী এছ সোমনাথলৈ এখন পত্ৰ লিখে ।

"বিগত সন্ধিয়া ইছৰোৰ চমৎকাৰ সাফল্যৰ বাবে মই কিমান ৰোমাঞ্চিত হৈছোঁ সেয়া ইয়াৰ দ্বাৰা আপোনাক জনাব বিচাৰিছোঁ । এইটো সকলো ভাৰতীয়, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয় ।" প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীয়ে পত্ৰখনত লিখিছে ।

পুনৰ্গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চিডব্লিউচি) সদস্য ছোনিয়া গান্ধীয়ে লগতে লিখিছে, "ইছৰোৰ অসামান্য সামৰ্থ্য কেইবা দশক ধৰি গঢ়ি উঠিছে । ইয়াত উল্লেখযোগ্য নেতা আছে আৰু সামূহিক প্ৰচেষ্টাৰ মনোভাবেই ইয়াক সদায় চালিত কৰি আহিছে । ষাঠিৰ দশকৰ আৰম্ভণিৰ পৰাই ইয়াক আত্মনিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰি ৰখা হৈছে, যিয়ে ইয়াৰ বৃহৎ সফলতাত অৰিহণা যোগাইছে ।"

"মই ইছৰোৰ সকলো ভ্ৰাতৃক শুভকামনা জনাইছোঁ আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত ইয়াৰ প্ৰতিজন সদস্যক মোৰ উষ্ম শুভেচ্ছা জনাইছোঁ " তেওঁ লিখিছে । ইয়াৰ উপৰি তেওঁৰ দল কংগ্ৰেছ আৰু পুত্ৰ ৰাহুল গান্ধীয়েও ইতিমধ্যে এই ঐতিহাসিক কৃতিত্বৰ বাবে ইছৰোক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে ভাৰতৰ উচ্চাভিলাষী চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত সমগ্ৰ দেশ আনন্দত উচ্ছ্বসিত হৈ পৰে । দেশৰ চুকে-কোণে জনসাধাৰণে ইয়াক উদযাপন কৰে ।

লগতে পঢ়ক :Chandrayaan 3 Lunar mission : বিক্ৰম লেণ্ডাৰৰ পৰা অৱতৰণ ৰ’ভাৰৰ; চন্দ্ৰত খোজকাঢ়িছে প্ৰজ্ঞানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.