ETV Bharat / bharat

উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jul 13, 2021, 5:31 PM IST

ক'ভিড (Covid) পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু বজাৰ অঞ্চলত মাস্ক অবিহনে বহু লোকে ভিৰ কৰি থকা বিষয়টোক লৈ এই বৈঠকত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

PM
ক'ভিড প্ৰটকল ভংগ হোৱাকলৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১৩ জুলাই : ভিডিঅ' কনফাৰেন্সৰ (Video conference) জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপত কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) । ক'ভিড (Covid) পৰিস্থিতি সন্দৰ্ভত হোৱা এই বাৰ্তালাপত অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াও (Mansukh L Mandaviya) অংশগ্ৰহণ কৰে । বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু বজাৰ অঞ্চলত মাস্ক অবিহনে বহু লোকে ভিৰ কৰি থকা বিষয়টোক লৈ এই বৈঠকত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

ইফালে ক'ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহত টীকাকৰণ (Vaccination) অভিযান বৃদ্ধি কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । মহামাৰীৰ তৃতীয় ঢৌক (Third wave) প্ৰতিহত কৰিবলৈ ক'ভিড প্ৰট'কলৰ (Covid protocol) সৈতে আপোচ নকৰিবলৈ উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে মহামাৰীয়ে উত্তৰ পূৱৰ পৰ্যটন আৰু বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে সেয়ে ক'ভিড প্ৰট'কল যাতে ভংগ নহয় তাৰ বাবেও অধিক গুৰুত্ব প্ৰদানৰ আহ্বান জনায় ।

তৃতীয় ঢৌত ভাইৰাছটো কিমান ভয়াৱহ হ'ব পাৰে সেই ক্ষেত্ৰত বিশেষজ্ঞসকলে অধ্যয়ন অব্যাহত ৰাখিছে, সেয়ে এই জটিল সময়চোৱাত প্ৰতিৰোধ আৰু চিকিৎসা ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ বুলিও নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে এই বৈঠকত উল্লেখ কৰা মতে চিকিৎসা সম্পৰ্কীয় আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ২৩,০০০ কোটি টকাৰ নতুন পেকেজো অনুমোদন জনাইছে । সেয়ে উত্তৰ পূৱৰ ৰাজ্যসমূহেও এই পেকেজৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । শেহতীয়াকৈ অসমকে ধৰি উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যৰ একাংশ জিলাত দ্ৰুতগতিত কৰ'ণা আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে । সেই বাবে উক্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সতৰ্ক হোৱাৰ লগতে ৰাজ্যত সংক্ৰমণ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

সূক্ষ্ম দৃষ্টিকোণৰ পৰা কৰ'ণা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক :বিপদজনক হ'ব পাৰে দুটা কোম্পানীৰ ভেকচিন গ্ৰহণ: WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.